নগাঁৱতো সুধাকণ্ঠৰ জন্মদিন আৰু আন্তজাৰ্তিক স্বাক্ষৰতা দিৱস উদযাপন

নগাঁৱতো সুধাকণ্ঠৰ জন্মদিন আৰু আন্তজাৰ্তিক স্বাক্ষৰতা দিৱস উদযাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
নগাঁৱতো সুধাকণ্ঠৰ জন্মদিন আৰু আন্তজাৰ্তিক স্বাক্ষৰতা দিৱস উদযাপন

ডিজিটেল সংবাদ, বেবেজীয়াঃ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ উদ্যোগত আৰু নগাঁও জিলা পুথিভঁড়াল সন্থা, সাংস্কৃতিক মহাসভা অসম, নগাঁও জিলা সমিতি আৰু শংকৰজ্যোতি শাখা সাহিত্য সভাৰ সহযোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্মদিন আৰু আন্তৰ্জাতিক স্বাক্ষৰতা দিৱস দিনজোৰা কাৰ্যসূচীৰে সন্থাৰ প্রাঙ্গণত উদযাপন কৰা হয়। পুৱা স্বচ্ছভাৰত তথা গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে নগাঁও জিলা পুথিভঁড়াল সন্থাৰ সম্পাদক ভূপেন চন্দ্র নাথ আৰু কলংপাৰ কাকতৰ সম্পাদক ভৱেন বৰাই।

Advertisment

সুধাকণ্ঠগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাখন পৰিচালনা কৰে সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ প্রকল্প বিষয়া ৰুণজুন বৰাই। সভাত নগাঁও জিলা পুথিভঁড়াল সন্থাৰ সম্পাদক ভূপেন চন্দ্ৰ নাথ আৰু কলংপাৰ কাকতৰ সম্পাদক ভৱেন বৰা আৰু সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ সহঃপ্ৰকল্প বিষয়া বাবলীৰাণী দেৱ আৰু কেন্দ্ৰৰ সমাজকৰ্মী গৌতম বৰদলৈয়ে বিশিষ্ট অতিথি হিচাবে অংশগ্রহণ কৰি সুধাকণ্ঠগৰাকীৰ জীৱন-দৰ্শনৰ ওপৰত আলোকপাত কৰে আৰু আন্তৰ্জাতিক স্বাক্ষৰতা দিৱসৰ তাৎপৰ্য সম্পর্কে বক্তব্য দাঙি ধৰে।

সন্থাৰ কৰ্মচাৰী জিতু শৰ্মাই আঁতধৰা সভাখনত সন্থাৰ সহঃ প্রকল্প বিষয়া বাবলীৰাণী দেৱ, শিল্পী উজ্বলা বিশ্বাস, সন্ধ্যাৰাণী দুৱৰা আৰু নেতাজী বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰীসকলে ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে। জাতীয় সংগীতেৰে সামৰণি মৰা সভাখনত শলাগৰ শৰাই আগবঢ়াই সহাৰ সমন্বয়ক ডেইজী সেনাপতিয়ে। ইয়াৰ উপৰি সন্থাৰ শাখা কার্যালয় পাঞ্জাবাৰী গুৱাহাটী আৰু তিনিচুকীয়াস্থিত জ্যেষ্ঠ নাগৰিক আবাস গৃহ, সখী একক অৱস্থান কেন্দ্ৰ নগাঁও, ড° বি.আৰ.আম্বেদকাৰ জনজাতি বিদ্যালয় আদিত সুধাকণ্ঠগৰাকী জন্মদিনটি উদযাপন কৰিছে বুলি উদ্যোক্তাসকলে জনায়।

Also Read: PMAY গৃহৰ ধন আত্মসাতৰ অভিযোগঃ গ্ৰেপ্তাৰ বিজেপিৰ পঞ্চায়ত সভাপতি

DR BHUPEN HAZARIKA