প্ৰতিকূল বতৰকো নেওচি দৌল উৎসৱৰে উখল মাখল জামুগুৰি

প্ৰতিকূল বতৰকো নেওচি  দৌল উৎসৱৰে উখল মাখল  জামুগুৰি

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ মাজ জামুগুৰি ফালেঙীচুক নামঘৰত শতবৰ্ষ গৰকা ৰঙৰ উৎসৱ ফাকুৱাই খোল, তাল, নেগেৰা, কৃষ্ণ নামৰ ধ্বনিৰে যোৱা‌ তিনিদিন ধৰি উৎসৱ মুখৰ হৈ পৰিছে ফালেঙিচুক নামঘৰ। মঙলবাৰে পুৱা হৰে কৃষ্ণ, হৰে ৰাম গীতেৰে সমদল কৰি ফাকু খেলাৰ পিছত বিয়লি ২ বজাৰ পৰা গোঁসাই ফূৰোৱা উৎসৱ অনুষ্ঠিত হয়।

মাজ জামুগুৰি ফালেঙীচুক নামঘৰৰ পৰা গোঁসাই ফূৰোৱা উৎসৱ উপলক্ষে ফালেঙিচুক নামঘৰ প্ৰাঙ্গনৰ পৰা‌ বুঢ়া নামঘৰ, দ-ঘাট নামঘৰ, ভৰালীচুক, পূৱ জামুগুৰিকে ধৰি সমগ্ৰ গাঁওখন পৰিভ্ৰমণ কৰা হয়। গোঁসাই ফূৰোৱা ভ্ৰমণৰ পিছত সন্ধিয়া গোঁসাই পুনৰ স্থাপন কৰি নাম প্ৰসঙ্গ অনুষ্ঠিত হয়। ২৫ মাৰ্চত পুৱা,পৰিৱেশ নিকাকৰণৰ, জলাৰোহন কৰি আহি গোঁসাই গা-ধোৱা পিছত, দুপৰীয়া নাম প্ৰসঙ্গ, বিয়লি আই সকলৰ দিহা নামৰ পিছত, সন্ধিয়া মৰিগাঁৱৰ শিল্পীসকলৰ দ্বাৰা নাম অনুষ্ঠিত হয়।

দিহা নামৰ শিল্পীসকলৰ নাম পৰিৱেশনৰে নিশা দৰ্শক ৰাইজক মোহাচন্ন কৰি তোলে। আনহাতে ২৪ মাৰ্চ দিনা পুৱা পৰিৱেশ নিকাকৰণৰ, দুপৰীয়া নাম প্ৰসঙ্গ, আৰু সন্ধিয়া লৈ গায়ন-বায়ন,দবা-শংখ ধ্বনিৰে নামঘৰৰ মনিকূটৰ আসনৰ পৰা‌ মহা প্ৰভু উলিয়াই পূজা আৰম্ভ কৰে। পূজা অৰ্চনা অন্তত সাজু কৰি ৰখা মেষৰ নোম দাহ কৰা‌ হয়। পূজাৰ অন্তত মেঘ দাহৰ বাবে নিৰ্মাণ কৰা গৃহত অগ্নি সংযোগ কৰা হয়। এই দৰেই মেঘদাহৰ কাৰ্যসূচী সমাপন হয়। উল্লেখযোগ্য যে প্ৰতিকূল বতৰকো নেওচি যোৱা‌ তিনিদিন ধৰি অঞ্চলটোৰ ভিতৰতে প্ৰাচীন ঐতিহ্য বহন কৰি অহা দৌল উৎসৱটিত লোকে লোকাৰণ্য হৈ‌ পৰে।

প্ৰতিকূল বতৰকো নেওচি  দৌল উৎসৱৰে উখল মাখল  জামুগুৰি
ওদালগুৰিত সত্ৰীয়া পৰম্পৰাৰে শ্ৰীকৃষ্ণৰ ঘুনুচা যাত্ৰা-সুৱেৰী উৎসৱ পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in