ডৌকাচাপৰি সত্ৰৰ সত্ৰাধিকাৰ তুলসী মহন্তৰ পৰলোকপ্ৰাপ্তিত শোক...

নগাঁৱৰ কঁহুৱাতলীত শোকৰ ছাঁ

author-image
Asomiya Pratidin
New Update
ডৌকাচাপৰি সত্ৰৰ সত্ৰাধিকাৰ তুলসী মহন্তৰ পৰলোকপ্ৰাপ্তিত শোক...

ডৌকাচাপৰি সত্ৰৰ সত্ৰাধিকাৰ তুলসী মহন্তৰ পৰলোকপ্ৰাপ্তিত শোক...

ডিজিটেল সংবাদ বেবেজীয়া: নগাঁও জিলাৰ কঁহুৱাতলীৰ শ্ৰী শ্ৰী কঁহুৱাতলী ডৌকাচাপৰি সত্ৰৰ সত্ৰাধিকাৰ তুলসী মহন্তৰ বৃহস্পতিবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে। সত্ৰীয়া কলা-সংস্কৃতিৰ একান্ত সাধক সত্ৰাধিকাৰ মহন্তই অসম সত্ৰ মহাসভাৰ উপদেষ্টা, মহাসভাৰ আজীৱন সভ্য হোৱাৰ লগতে কঁহুৱাতলী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।

Advertisment

৮২ বছৰ বয়সত জীৱন নাটৰ সমাপ্তি ঘটা সত্ৰাধিকাৰগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী, এজন পুত্ৰ, দুগৰাকী কন্যাৰ লগতে চাৰিজন ভাতৃৰ সৈতে পৰিয়ালবৰ্গক এৰি থৈ গৈছে। সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত তেওঁৰ গুণমুগ্ধ সকলে শোক প্ৰকাশ কৰাৰ লগতে বিভিন্ন দল-সংগঠনেও শোক প্ৰকাশ কৰিছে ।

Also Read: আমচৈত জাপানীজ এনকেফেলাইটিছৰ ব্যাপক সজাগতামূলক কাৰ্যসূচী ৰূপায়ন

কঁহুৱাতলী