/asomiyapratidin/media/media_files/2025/02/04/taXxBHEIyS3IUFsAREoG.jpg)
ডিজিটেল সংবাদ, নগাঁও: জিলা স্বাস্থ্য সমিতিৰ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত জিলা পৰ্য্যায়ৰ সমন্বয়ৰক্ষী সমিতিখনৰ দ্বিতীয় সভাখন আজি জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত আয়ুক্ত কাৰ্য্যালয়ৰ সভা-কক্ষত অনুষ্ঠিত হৈ যায় । অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য) সুদীপ নাথে আঁত ধৰা সভাখনত জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া ডাঃ বিশ্বৰূপ গোহাঁই বৰুৱাই জিলাখনত ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ধঁপাত নিয়ন্ত্ৰণ কোষে গ্ৰহণ কৰা বিভিন্ন কাৰ্যৱলীৰ খতিয়ান দৃশ্য-শ্ৰাব্য মাধ্যমৰে সভাত দাঙি ধৰে ।
জিলা স্বাস্থ্য সমিতিৰ ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত বাহাকাবাৰী, লাওপানী, দীঘলদৰী, ফুলগুৰি আৰু ধেমাজি গাওঁসমূহক ধঁপাত মুক্ত গাঁও হিচাপে গঢ়ি তুলিবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি থকা হৈছে । সভাত জিলা আয়ুক্ত গৰাকীয়ে যুৱপ্ৰজন্মক ধঁপাতৰ লগতে নিচা জাতীয় দ্ৰব্যৰ প্ৰতি যাতে আসক্ত নহয় তাৰবাবে শিক্ষা বিভাগক ছাত্ৰ অৱস্থাৰ পৰাই শিক্ষানুষ্ঠানসমূহত এই ক্ষেত্ৰত সম্যক জ্ঞান দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা TOFEI App অনতিপলমে ডাউনলোড কৰি নিজৰ নিজৰ শিক্ষানুষ্ঠান সমূহক ধঁপাত মুক্ত শিক্ষানুষ্ঠান হিচাপে স্বীকৃতি গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশ প্ৰদান কৰে ।
জিলাখনক ধোঁৱা মুক্ত আৰু ধঁপাত মুক্ত কৰাৰ বাবে জিলা স্বাস্থ্য সমিতিৰ ধঁপাত নিয়ন্ত্ৰণ কোষে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে সভাত উপস্থিত সংলগ্ন বিভাগৰ লগতে সমূহ জিলাবাসীৰ সহায় সহযোগিতা জিলা ধঁপাত নিয়ন্ত্ৰণ কোষে আন্তৰিকতাৰে কামনা কৰিছে।
ইয়াৰ উপৰি উক্ত সভাতেই ৰাষ্ট্রীয় ফ্ল'ৰ'ছিচ নিয়ন্ত্ৰণ প্ৰতিৰোধ কাৰ্যসূচীৰ এখন সভা অনুষ্ঠিত হয় । সভাত এন.পি.পি.চি.এফ.ৰ নডেল বিষয়া ডাঃ ধৰিত্ৰী পাটোৱাৰীয়ে নগাঁও আৰু হোজাই জিলাখনৰ ফ্ল'ৰ'ছিচ আক্ৰান্ত গাঁও সমূহত এই ৰোগ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ সন্দৰ্ভত সভাত খতিয়ান দাঙি ধৰে ।
আজিৰ এই সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, যুটীয়া স্বাস্থ্য সঞ্চালক(মুখ্য কাৰ্যালয়) তথা ৰাজ্যিক আঁচনি বিষয়া (ধঁপাত নিয়ন্ত্ৰণ কোষ) ডাঃ এইছ. কে. ভট্টাচাৰ্য্য, ৰাজ্যিক কনচাল্টটেণ্ট ডাঃ সূতাপা চক্ৰৱৰ্তী, ভাৰপ্ৰাপ্ত উপ সঞ্চালক নৱশ্ৰী গগৈ, ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক নগাঁও ডাঃ কবিতা বৰুৱা, যুটীয়া স্বাস্থ্য সঞ্চালক হোজাই ডাঃ কে.চি. গগৈকে প্ৰমুখ্য কৰি ধঁপাত নিয়ন্ত্ৰণ কোষৰ জিলা সমন্বয়ৰক্ষী সমিতিৰ সন্মানীয় বিষয়ববীয়া সকল উপস্থিত থাকে ।