কলিয়াবৰত বান সাহাৰ্য্য বিতৰণত চৰম বিসংগতিত ৰাইজৰ ক্ষোভ...

প্ৰকৃত ক্ষতিগ্ৰস্তক বঞ্চিত কৰি বৈষম্যভাৱে সাহাৰ্য্য বিতৰণৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত বান সাহাৰ্য্য বিতৰণত চৰম বিসংগতিত ৰাইজৰ ক্ষোভ...

কলিয়াবৰত বান সাহাৰ্য্য বিতৰণত চৰম বিসংগতিত ৰাইজৰ ক্ষোভ...

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰত ৰাইজৰ মাজত বান সাহাৰ্য্য বিতৰণ কৰে যদিও চৰম বিসংগতিৰে প্ৰকৃত ক্ষতিগ্ৰস্তক বঞ্চিত কৰি বৈষম্যমূলকভাৱে বান সাহাৰ্য্য  বিতৰণ হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজ ক্ষোভিত হৈ পৰিছে। ক্ষোভিত ৰাইজে মহকুমাধিপতি আৰু চক্ৰ বিষয়াক অভিযোগ উত্থাপন কৰাৰ লগতে মাধতাৰি কিচামতৰ মাধতাৰি, পোৰাভেটি, দলিবাৰি, গোণামৰা, আক্ৰোহী, শ্ৰৱণী, দুলাল মাধৱ,পূৱথৰীয়াৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে পোৰাভেটি গাঁৱৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে ৰাজহুৱা সভা অনুষ্ঠিত কৰি বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে বান সাহাৰ্য্য বিতৰণত জড়িত থকা মাধতাৰি কিচামতৰ দুই গাওঁ প্ৰধান উৎপল তামুলী আৰু প্ৰদীপ ভূঞাক বৰ্খাস্তৰ দাবী তুলি উৰ্ধতম মহললৈ প্ৰস্তাৱ গ্ৰহণ কৰি প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়।

Advertisment

কলিয়াবৰত ২০১৭ চনৰ আগষ্টত হোৱা প্ৰলয়ংকাৰী বানত ৰাইজৰ সা-সম্পত্তি বিস্তৰ ক্ষয়-ক্ষতি হৈছিল। ক্ষতিগ্ৰস্ত ৰাইজক বান সাহাৰ্য্য দিবলৈ ৯ কোটি টকা নিৰ্ধাৰণ কৰিছিল যদিও বিতৰণৰ সময়ত একাংশ চৰকাৰী গাঁওবুঢ়া, বিষয়া আৰু ৰাজনৈতিক নেতাৰ অদূৰদৰ্শী কাৰ্য্যকলাপৰ বাবে প্ৰকৃত ক্ষতিগ্ৰস্তক বঞ্চিত কৰি বৈষম্যমূলক তালিকা প্ৰস্তুত হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰবল প্ৰতিবাদেৰে ৰাজপথ অৱৰোধ কৰাৰ লগতে বিধায়কৰ ঘৰৰ লগতে চৰকাৰী গাঁওবুঢ়াৰ ঘৰ ঘেৰাও কৰি ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল।

তাৰ ফলত ৰাইজৰ ৰোষৰ পৰা ৰক্ষা পাবলৈ আৰু ক্ষোভ প্ৰশমিত কৰিবলৈ সেইসময়ত চৰকাৰী গাঁওবুঢ়া মাধতাৰি কিচামতৰ প্ৰদীপ ভূঞা আৰু উৎপল তামুলী, সৰুভগীয়াৰ অনন্ত নাৰায়ন হাজৰিকা, জখলাবন্ধাৰ নিৰ্মল কোঁৱৰ,  দুলাল মাধৱৰ নিতুমণি ভঁৰালীকে ধৰি পাঁচ জনক নিলম্বন কৰিছিল। ইয়াৰ প্ৰভাৱ পৰবৰ্তী সময়ত নিৰ্বাচনত পৰাৰ আশংকা কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰ দহ কোটি টকা দি বানাক্ৰান্ত ৰাইজক বান সাহাৰ্য্য দিয়াৰ কথা‌ ঘোষণা কৰিছিল।

মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই বিকাশ যাত্ৰাৰে কাৰ্য্যসূচীলৈ কলিয়াবৰলৈ অহাৰ প্ৰাকক্ষণত কলিয়াবৰত বানাক্ৰান্ত ৰাইজৰ মাজত বেংকৰ জৰিয়তে সাহাৰ্য্য বিতৰণ কৰে। এইবাৰো কলিয়াবৰত বান সাহাৰ্য্য বিতৰণত চৰম বিসংগতি হোৱাৰ অভিযোগ উত্থাপন হৈছে।

বিশেষকৈ জখলাবন্ধা, কেৰিবাকৰি, শেনচোৱা, ঢেকিয়াল, সৰুভগীয়া, বৰভকতি, দুলাল মাধৱ, বাসুদেৱবাৰী, পাকবন্ধা ,শ্ৰৱণী, দলিবাৰী, উলুৱনী, হাতীগাওঁ, পোৰাভেটি, মাধতাৰি, পূৱথৰীয়া, শান্তিপুৰ, চামধৰা,বালিটিকা, মাজগাঁওকে প্ৰমুখ্য কৰি বিস্তৰ ক্ষতিসাধন হোৱা গাঁৱৰ ৰাইজক সাহাৰ্য্যৰ ধন দিয়াত বৈষম্য কৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰিছে। ৰাইজে অভিযোগ কৰি কয় যে, একোখন গাঁৱত সকলোৰে সা-সম্পত্তি নষ্ট হৈছে যদিও একাংশই ৯৫,১০০ টকা লাভ কৰাৰ বিপৰীতে কাষৰ ঘৰে মাত্ৰ ৫২,০০  বা ২১,০০ টকাহে লাভ কৰিছে আৰু কোনোৱে আকৌ সাহাৰ্য লাভৰ পৰা বঞ্চিত হয়।

আনহাতে গাঁৱখনৰ কোনোৱে আকৌ ক্ষতিগ্ৰস্ত হৈয়ো সাহাৰ্য্য লাভৰ পৰা বঞ্চিত হৈছে। এনে বৈষম্যৰ বাবে ৰাইজ ক্ষোভিত হৈ পৰিছে। ৰাইজে অভিযোগ কৰি কয় যে, যিসকল চৰকাৰী গাঁওবুঢ়া আৰু বিষয়াই চৰজমিন তদন্ত কৰি তালিকা প্ৰস্তুত কৰিছিল তেখেতসকলৰ অদূৰদৰ্শীতা আৰু ৰহস্যজনক আচৰণ-কাৰ্যব্যৱস্থাৰ বাবেই এনে বিসংগতিপূৰ্ণ তালিকা হ'ল আৰু প্ৰকৃত ক্ষতিগ্ৰস্ত ক্ষতিপূৰণ লাভৰ পৰা বঞ্চিত হ'ব লগা হ'ল বুলিও মন্তব্য কৰে।

ৰাইজে কলিয়াবৰত বানত ক্ষতিগ্ৰস্ত তথা সাহাৰ্য্যৰ লাভৰ পৰা বঞ্চিতসকলক ক্ষতিপুৰণ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে বৈষম্যমূলক বিতৰণৰ বিপৰীতে সমদৃষ্টিৰে সমভাৱে প্ৰকৃত ক্ষতিগ্ৰস্তক সাহাৰ্য্য দিবলৈ প্ৰশাসনৰ লগতে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰীগৰাকীক ৰাইজে আজি ৰাজহুৱা সভা অনুষ্ঠিত কৰি দাবী জনাইছে।

Also Read: ঢকুৱাখনাত আৰ্তজনৰ কাষত মিচিং জাতিয় সংগঠন...

কলিয়াবৰ