Advertisment

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ প্ৰাক্তন কৰ্মচাৰী দিলীপ কুমাৰ বৰাৰ পৰলোক

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ প্ৰাক্তন কৰ্মচাৰী দিলীপ কুমাৰ বৰাৰ পৰলোক

author-image
Asomiya Pratidin
New Update
অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ প্ৰাক্তন কৰ্মচাৰী দিলীপ কুমাৰ বৰাৰ পৰলোক

ডিজিটেল সংবাদ,নগাঁও : অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অৱসৰী কৰ্মচাৰী দিলীপ কুমাৰ বৰা(৬৫)ৰ সোমবাৰে নিশা প্ৰায় ৯-৩০ মৰিকলংৰ নিজা বাসগৃহত মৃত্যু হয় । এই বিভাগৰ পৰা মিটাৰৰিডাৰ কৰ্মচাৰী হিচাপে প্ৰায় ৫বছৰ পূৰ্বে অৱসৰ লোৱা বৰা ২০২১ৰ পৰা ডিমেনছিয়া ৰোগত ভুগী আছিল।

Advertisment

উল্লেখ্য যে উক্ত ৰোগত ভোগা বৰা গুৱাহাটীৰ ডা০ অনিৰ্বান মহন্তৰ নিয়মীয়া চিকিৎসা লৈ আছিল । যোৱা নিশা নিয়মীয়া আহাৰ গ্ৰহণৰ পাছত তেওঁ অচেতন হৈ পৰে। লগে লগে তেওঁক ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়,কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

মৰিকলংৰ স্বৰ্গীয় মীনাৰাম বৰা আৰু মনোমাই বৰাৰ ৬টা সন্তানৰ প্ৰথম সন্তান বৰাই এই সংসাৰত বহুতো ইষ্ট-কুটুম্ব আৰু গুণমুগ্ধৰ লগতে পত্নী সংগীতা, জীয়ৰী তিতিক্ষা, নমস্যা আৰু পুত্ৰ গীত বৰাক এৰি থৈ গৈছে । ৩০জানুৱাৰীৰ দিনৰ প্ৰায় ১১-০০ বজাত নগাঁও আমোলাপট্টিৰ শিৱস্থান শ্মশানত প্ৰয়াত বৰাৰ শেষকৃত্য সম্পন্ন কৰা হয় ।

Also Read: গোলাঘাটত জালনোট উদ্ধাৰ

apdcl Marikalang