সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীলৈ 'দিলীপ বৰা সোঁৱৰণী বিশেষ সন্মান'...

সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীলৈ 'দিলীপ বৰা সোঁৱৰণী বিশেষ সন্মান'

author-image
Asomiya Pratidin
New Update
সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীলৈ 'দিলীপ বৰা সোঁৱৰণী বিশেষ সন্মান'...

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰৰ নিকটৱৰ্তী চলচলি জলাহগাঁৱৰ শাস্ত্ৰজ্ঞ ব্যক্তি, সমাজকৰ্মী দিলীপ বৰাৰ স্মৃতিত 'দিলীপ বৰা সোঁৱৰণী ন্যাস'-য়ে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে।

Advertisment

২০২৩ বৰ্ষৰ ২৪ এপ্ৰিলত আকস্মিকভাৱে মৃত্যু হোৱা ধৰ্মপ্ৰাণ ব্যক্তিগৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ প্ৰয়াসেৰে দিলীপ বৰা সোঁৱৰণী ন্যাসে এই বৰ্ষৰ পৰাই ধৰ্মীয় ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়োৱা একোগৰাকীকৈ বিশিষ্ট ব্যক্তিক বিশেষভাবে সম্বৰ্ধনা জ্ঞাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সেই অনুসৰি অহা ১২ মে'ৰ সন্ধিয়া ৬বজাত প্ৰয়াত দিলীপ বৰাৰ বাসগৃহ প্ৰাংগণত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠান ভাগত পুৰণিগুদামৰ শ্ৰীশ্ৰীলেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীক এই বিশেষ সন্মান প্ৰদান কৰা হ'ব। এই কথা জানিবলৈ দিছে 'দিলীপ বৰা সোঁৱৰণী ন্যাস'ৰ সভাপতি অৰুণ চন্দ্ৰ শ‌ইকীয়া আৰু সাধাৰণ সম্পাদক ক্ৰমে ৰাজু শ‌ইকীয়া আৰু মৃনাল শ‌ইকীয়াই।

লগতে দিলীপ বৰা সোঁৱৰণী ন্যাসে উক্ত অনুষ্ঠানত সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে। উল্লেখ্য যে উক্ত অনুষ্ঠানতে নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে খোলবাদন প্ৰদৰ্শন কৰিব বুলি জানিব পৰা গৈছে।

Also Read: বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী : অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত আহিব ধুমুহা-বৰষুণ !

Brahmpur