/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a182bbdd-ac0a-40b0-aa5c-fb4751b3bbb9/392.jpg)
ডিজিটেল সংবাদ,বঢ়মপুৰ : লক্ষ্মী পূজাৰ দিনা পুৱতি নিশালৈকে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল বঢ়মপুৰৰ আকাশ-বতাহ। নগাঁও জিলাৰ বঢ়মপুৰৰ ভক্তিপ্রদীপ দিহানাম দলৰ উদ্যোগত আৰু সমূহ বঢ়মপুৰবাসী ৰাইজৰ সহযোগত শনিবাৰে বঢ়মপুৰ ৰাজহুৱা খেলপথাৰত দিনযোৰা কাৰ্য্যসূচীৰে সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
সেই উপলক্ষে দিহানাম প্ৰতিযোগিতাৰ অনুষ্ঠানৰ পুৱা ধৰ্মধ্বজা উত্তোলন কৰে বিশিষ্ট সমাজকর্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক দয়াৰাম কলিতাই। উদ্যোক্তাসকলৰ ফালৰ পৰা বন্তি প্ৰজ্বলন কৰাৰ পাছত প্ৰসাদ বিতৰণ অনুষ্ঠান সম্পন্ন হয় ।
বিয়লি সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে ১৮টা দলে অংশগ্ৰহণ কৰা দিহানাম প্ৰতিযোগিতাৰ "ভক্তিপ্রদীপ" দিহানাম দলৰ দ্বাৰা "প্ৰদৰ্শনী "নামেৰে মঞ্চ মুকলি কৰা হয় । প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে যুটীয়াভাৱে দক্ষিণপাটৰ নৱসুৰুজ নামতি দল আৰু ভোমোৰাগুৰি আঞ্চলিক নামতি দলে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/12baca49-a61a-4872-a647-e28972f1b1bd/5c38627d_f57a_4be8_8c19_b2c4d4d1cb58.jpg)
দ্বিতীয় স্থান দখল কৰে যুটীয়াভাৱে ২নং কাকীৰ কল্পতৰু শিল্পী সংঘ আৰু মৰিগাঁৱৰ কৃষ্ণচূড়া নামতি দলে । তৃতীয় স্থান দখল কৰে যুটীয়াভাৱে শিমলুগুৰিৰ বিষ্ণুপ্রিয়া নামতি দল আৰু পশ্চিম কাৰ্বি আংলঙৰ শিৰোমণি শান্তিবিকাশ নামতি দলে ।
ইফালে শ্ৰেষ্ঠ নামতি মৰিগাঁওৰ হৰিভকতি নামতি দলে লাভ কৰে। শ্ৰেষ্ঠ খোলবাদক ২ নং কাকীৰ কল্পতৰু শিল্পী সংঘ,শ্ৰেষ্ঠ নাগাৰাবাদক ভোমোৰাগুৰি আঞ্চলিক নামতি দল, শ্ৰেষ্ঠ সৰুতালবাদক ডিমৰুগুৰিৰ শংকৰ মাধৱ শিল্পী সমাজ দল আৰু শ্ৰেষ্ঠ বৰতালবাদক বালিগাঁৱৰ শংকৰী কলাকৃষ্টি নামতি দলে লাভ কৰিবলৈ সক্ষম হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/11a5bf3f-4d5b-49af-8cc8-0984bc744ea4/e9d9d31d_4368_40c8_ac12_45ace0996a3f.jpg)
বিজয়ী আৰু পাৰদৰ্শী দলসমূহক নগদ ধন, মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ভক্তিপ্ৰদীপ দিহানাম দলৰ সভানেত্ৰী চম্পা বৰা,সম্পাদিকা প্ৰতিভা বৰা,উপ-সভাপতি মহেন্দ্ৰ শইকীয়া,সহ:সম্পাদক কল্যান কেকাৰৰ লগতে স্থানীয় সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।
Also Read: বেছামাৰী ডা০ এ বি চিদ্দিক জাতীয় বিদ্যালয়ৰ নৱাগত আদৰণি সভাত নিতুমনি শইকীয়া