দিগেন মহন্তৰ নশ্বৰ দেহ লৈ নগাঁৱত শোক সমদলঃ অগণন গুণমুগ্ধই জনালে শেষ শ্ৰদ্ধা

বিধায়ক ৰূপক শৰ্মা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনকে ধৰি একাধিক নেতাৰ শোক প্ৰকাশ

author-image
Asomiya Pratidin
New Update
দিগেন মহন্তৰ নশ্বৰ দেহ লৈ নগাঁৱত শোক সমদলঃ অগণন গুণমুগ্ধই জনালে শেষ শ্ৰদ্ধা

দিগেন মহন্তৰ নশ্বৰ দেহ লৈ নগাঁৱত শোক সমদলঃ অগণন গুণমুগ্ধই জনালে শেষ শ্ৰদ্ধা

ডিজিটেল সংবাদ নগাওঁঃ ৰাজ্যৰ বিশিষ্ট সংগীত শিল্পী,অ' শৰতৰে শেৱালি গীতৰে জনপ্ৰিয় হোৱ দিগেন মহন্তৰ নশ্বৰ দেহ নগাওঁস্থিত তেওঁৰ বাসগৃহত আহি উপস্থিত হোৱাৰ পাছতে আজি এক শোকাকুল পৰিবেশৰ সূচনা হয়। অগণন গুণমুগ্ধই সংবেদনশীল শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ আহি তেওঁৰ বাসগৃহত ভিৰ কৰে।

Advertisment

নগাঁৱৰ সমাজ জীৱনৰ বহু কেইগৰাকী আগশাৰীৰ ব্যক্তি, ৰাজনৈতিক নেতাই আজি মহন্তৰ বাসগৃহত উপস্থিত হৈ সৰ্বসাধাৰণৰ ,সৈতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। তাৰ পাছতে প্ৰয়াত মহন্তৰ মৃতদেহ লৈ নগাঁও চহৰত এক মৌন সমদল উলিওৱা হয়।

নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই মহন্তৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে, বহু গীতেৰে শ্ৰোতাৰ হৃদয়ত স্থান অধিকাৰ কৰিবলৈ দিগেন মহন্ত সক্ষম হৈছিল। তেওঁৰ মৃত্যু অসমৰ সংগীত ক্ষেত্ৰখনৰ অপূৰণীয় ক্ষতি।

তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি বিধায়ক গৰাকীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। বিধায়ক জিতু গোস্বামী, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, প্ৰাক্তন বিধায়ক ডা: দুৰ্লভ চমুৱা, নগাঁও পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰা আদিয়ে মহন্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

নগাঁও জিলা সাহিত্য সভা, শ্ৰীমন্ত শংকৰ মিশ্যন, সদৌ নগাঁও জিলা ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, সংগীত শিল্পী মঞ্চ,অসম শিল্পী সমাজ, অসম শিল্পী কানন, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, সৃষ্টি, গান্ধাৰ, সুৰ সাধনা, নগাঁও জিলা কবি সন্মিলন, সাংস্কৃতিক মহাসভা অসম, নগাঁও প্ৰেছ ক্লাব, নগাঁও জিলা বাৰ্তাজীৱি সংঘ, আপকুৰ নগাঁও জিলা সমিতি ,আজুৰ নগাঁও জিলা সমিতি, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় কৰ্তৃপক্ষ, নগাঁও মহাবিদ্যালয়, নগাঁও জিলা অগপ, নগাঁও জিলা বিজেপি, সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতি,সদৌ নগাঁও ৰঙালী বিহু উৎসৱ সমিতি,গণনাট্য সংঘৰ নগাঁও জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ পৰিষদ আদিয়ে মহন্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

উল্লেখ্যে, মঙ্গলবাৰে বিশ্বকৰ্মা পূজাৰ আনন্দৰ মাজতে নিশা প্ৰায় ৭-২০ বজাত পুত্ৰৰ গুৱাহাটীস্থিত বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে শিল্পী দিগেন মহন্তই। তেওঁ যোৱা কিছুদিন ধৰি অসুস্থ হৈ আছিল।

১৯৪৯ চনত তেজপুৰত জন্মগ্ৰহণ কৰা মহন্তই সৰু অৱস্থাৰ পৰাই সংগীতৰ চৰ্চা কৰিছিল। নগাঁও জিলাৰ হাতীচোং মৌজাৰ জাজৰি গজলা সত্ৰৰ সংস্কৃতিবান পৰিয়ালৰ সত্ৰাধিকাৰ প্ৰয়াত হৰেন্দ্ৰ নাথ মহন্তৰ কনিষ্ঠ পুত্ৰ দিগেন মহন্তই স্কুলীয়া শিক্ষা নগাঁৱতে গ্ৰহণ কৰি ১৯৭৪ চনত নগাঁও মহাবিদ্যালয়ৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল।

বৰ্তমান নগাঁও চহৰৰ নিউ আমোলাপট্টী নিবাসী দিগেন মহন্তই ছাত্ৰ জীৱনৰ মধুৰতম সময়ৰ পৰাই গীত গাই আপোনপাহৰা হোৱাৰ লগতে পিছলৈ জনতাৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰে‌। ১৯৭৩ চনত নগাঁও মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰে।

সংগীত চৰ্চাৰ সামান্তৰাল ভাবে বিভিন্ন খেলাধুলাৰ লগত জড়িত মহন্তই ১৯৭৩ চনত নগাঁও জিলা পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল। গণশিল্পী প্ৰয়াত খগেন মহন্তৰ কনিষ্ঠ ভাতৃ মহন্তই এগৰাকী সংবেদনশীল গায়ক ,সুৰকাৰ , সংগীত পৰিচালক ,সংগীতজ্ঞ হিচাপেও জনতাৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল।

দিগেন মহন্ত আকাশবাণী প্ৰথম শ্ৰেণীৰ শিল্পীৰ লগতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰো শিল্পী আছিল। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰে নগাঁও।

Also Read: Indo China Border: অৰুণাচল সীমান্তত অধিক আগ্ৰাসী চীন...

দিগেন মহন্ত ৰূপক শৰ্মা ৰকিবুল হুচেইন প্ৰদ্যুত বৰদলৈ