/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/fcab9f8b-71cc-4f97-b7da-2ad4fcd9923e/vddfdf.jpg)
ডিজিটেল সংবাদ,নগাঁও: নগাঁও জিলাৰ অন্যতম চিনেমা হ'ল দিব্যজ্যোতি ছবিগৃহই ৫০ বছৰ পূৰ্তি উপলক্ষে বৃহস্পতিবাৰে সোনালী জয়ন্তী উৎসৱ উদযাপন কৰে। আজি কথাছবি গৃহৰ চৌহদত অনুষ্টুপীয়া ভাবে সোনালী জয়ন্তী উৎসৱ উদযাপন কৰা হয়।
এই চিনেমা হ'লৰ নিৰ্মাতা প্ৰয়াত মহিকান্ত শইকীয়া আৰু পৰৱৰ্তী সময়ত চিনেমা হলটোৰ দ্বায়িত্ব বহন কৰা প্ৰয়াত ধৰ্মকান্ত শইকীয়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে পৰিয়ালবৰ্গ আৰু শুভাকাংখী সকলে। দুপৰীয়া নাম প্ৰসংগ আৰু আন অনুষ্ঠান অনুষ্ঠিত হয়।উল্লেখ যে কৰোণা মহামাৰীৰ সংহাৰৰ পাছত আৰু আন কাৰণত ৰাজ্যত বন্ধ হৈ পৰিছিল কেইবাটাও ছবি গৃহ।
নগাঁও জিলাত একাংশ হিন্দী বলয়ৰ হেচাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীয়ৰী নামত থকা জয়শ্ৰী ছবি গৃহ বন্ধ কৰি স্থাপন কৰা হ'ল ব্যৱসায়িক প্ৰতিষ্ঠান। জিলাখনত এতিয়া মাত্ৰ তিনিটা ছবি গৃহ চলি আছে । ছবি গৃহ নিৰ্মাণৰ লগতে কেইবাখনো অসমীয়া ছবি নিৰ্মাণ কৰি অসমীয়া ছবি উদ্যোগটোক টনকিয়াল কৰি যোৱা দিব্যজ্যোতি ছবি গৃহয়ে আজি ৫০ বছৰত ভৰি দিলে।
১৯৭৩ চনৰ ৭ ডিচেম্বৰত নগাওঁ হয়বৰগাৱৰ ধিংগেটৰ সমীপত স্থাপন কৰিছিল দিব্যজোতি ছবি গৃহ।প্ৰয়াত মহীকান্ত শইকীয়াৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ছবি গৃহটিৰ ৫০বৰ্ষপূৰ্তি উপ ছবি গৃহটোৰ চৌহদতে অনুষ্টুপীয়াকৈ আয়োজন কৰে এক অনুষ্ঠানৰ।
পৰবৰ্তী সময়ত অসমীয়া সাংস্কৃতিক জগত খনলৈও বৰঙনি আগবঢ়াইছিল প্ৰয়াত শইকীয়াৰ ছত্ৰ - চায়াতেই গঢ় লৈ উঠা 'শইকীয়া এণ্টাৰপ্ৰাইজ " নামৰ প্ৰযোজনা গোষ্ঠীয়ে।সেই সময়ত অশেষ কষ্টৰে মৰাপাটৰ ব্যৱসায় কৰি জুৰীয়াৰ দৰে পিছপৰা অঞ্চলৰ পৰা আহি ছবি গৃহ নিৰ্মানৰ লগতে পাঁচ খনকৈ ছবি নিৰ্মাণ কৰিব পৰাতো ইমান সহজ সাধ্য নাছিল যদিও মনত পুহি ৰখা অদম্য সাহসৰ বাবেই এনে মহৎ কাম কৰিব পাৰিছিল তেওঁলোকে।
৮০ দশকত মন আৰু মৰম নামৰ কথা ছবি নিৰ্মাণ কৰি অসমীয়া ছবি প্ৰযোজনাত নামি পৰে।পিছৰ পৰ্যায়ত ' আই মোৰ জনমে জনমে' এণ্টনী মোৰ নাম' , শকুন্তলা শংকৰ আৰু যোছেফ আলীৰ লগতে বঙালী ছবি' দাদু নাতি আৰু হাতী'ছবি শইকীয়া এণ্টাৰপ্ৰাইজৰ বেনাৰতে নিৰ্মাণ কৰা হৈছিল।
অসমীয়া ছবি জগত খনলৈ উল্লেখনীয় অবদান আগবঢ়াই যোৱাৰ সমান্তৰালকৈ জুৰীয়াত ভাওনা আৰু থিয়েটাৰ ৰূপায়নৰ জৰিয়তেও চলাই গৈছিল অসমীয়া সংস্কৃতিৰ চৰ্চাৰ এক বাতাবৰন। পিতৃ মহিকান্ত শইকীয়াৰ পদাংক অনুসৰণ কৰি পুত্ৰ ধৰ্মকান্ত শইকীয়াই চিনেমা হলটোৰ দায়িত্ব লয় যদিও পিতা পুত্ৰৰ অকাল বিয়োগ হোৱাত ধৰ্মকান্ত শইকীয়াৰ সুযোগ্য সন্তান হিমজ্যোতি শইকীয়া(ৰাণাই)বিদেশত কৰি থকা চাকৰি এৰি বৰ্তমান ছবি গৃহটি উন্নয়নত মনোনিবেশ কৰিছে।
যিটো সময়ত বিভিন্ন কাৰণত ছবি গৃহ সমূহ ক্ৰমাগত ভাবে বন্ধ হবলৈ আৰম্ভ কৰিছে, ঠিক সেইটো সময়তে নগাঁৱৰ এটা ছবি গৃহই গোপনে ৫০বছৰ পূৰ্তি উপলক্ষে সোনালী জয়ন্তী বৰ্ষ আয়োজনৰ দিহা কৰাতো সচাকৈয়ে গৌৰবৰ বিষয়। আজিৰ এই শুভাৰম্ভ অনুষ্ঠানত হিমজ্যোতি শইকীয়া ,দিব্যজ্যোতি শইকীয়াকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি ,চিনেমা হ'লটোৰ কৰ্মচাৰী আদি উপস্থিত থাকে।
Also Read: ভয়ংকৰ! কি কাৰণে এটা পৰিয়ালৰ ৪জনে বাছি ল'লে চৰম পন্থা?