ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানৰ আৰম্ভণি...

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়া অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষত পয়সত্তৰ বছৰত উপনীত হৈছে।

author-image
Asomiya Pratidin
New Update
ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানৰ আৰম্ভণি...

মহাৰজত জয়ন্তী

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়া অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষত পয়সত্তৰ বছৰত উপনীত হৈছে। এই গৌৰৱোজ্জ্বল পঞ্চসপ্ততিতম বৰ্ষ উপলক্ষে বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উৎসৱটি বৰ্ষযোৰা কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে।

Advertisment
মহাৰজত জয়ন্তী
মহাৰজত জয়ন্তী

মহাৰজত জয়ন্তীৰ প্ৰথম অনুষ্ঠানটি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু প্রাক্তন শিক্ষাৰ্থী সকলৰ অংশ গ্ৰহণেৰে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। পুৱা বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণৰ পাছত, উদযাপন সমিতিৰ সভাপতি মুনীন্দ্ৰ শইকীয়া, কাৰ্য্যকৰী সভাপতি ৰোহিনী বৰা, সাধাৰণ সম্পাদক মুক্তি দাসকে আদি কৰি অঞ্চলটোৰ পয়সত্তৰ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৭৫ খন পতাকা উত্তোলনেৰে মহাৰজত জয়ন্তী অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। পৰৱৰ্তী সময়ত প্রাক্তন ছাত্ৰ-ছাত্ৰীৰ অংশ গ্ৰহণেৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰা, প্রাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ, সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছতেই বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।

মহাৰজত জয়ন্তী
মহাৰজত জয়ন্তী

Also Read: মঙলদৈত দুই নকল সোণৰ ব্যৱসায়ীক আটক...

diamond jubilee celebrations