মঙলদৈত দুই নকল সোণৰ ব্যৱসায়ীক আটক...

মঙলদৈৰ এজন যুৱকে নকল সোণৰ ব্যৱসায়ীক ধৰাই দিয়াৰ এক ঘটনা পোহৰলৈ আহিছে
মঙলদৈত দুই নকল সোণৰ ব্যৱসায়ীক আটক...

প্ৰতিদিন ডিজিটেল, সংবাদঃ মঙলদৈৰ এজন যুৱকে নকল সোণৰ ব্যৱসায়ীক ধৰাই দিয়াৰ এক ঘটনা পোহৰলৈ আহিছে। ফোন কলৰ জৰিয়তে দুজন নকল সোণৰ অবৈধ ব্যৱসায়ীক ধৰাই দিয়া মঙলদৈৰ যুৱক জন হ'ল মঙলদৈ ব্লক চ'কৰ অৰুণ চহৰীয়া। অৰুণ চহৰীয়া হৈছে এজন সেনা জোৱান।

সেনা জোৱানগৰাকীয়ে তেজপুৰত গৈ আৰক্ষীৰ জৰিয়তে ধৰাই দিয়া দুই নকল সোণৰ ব্যৱসায়ী হ'ল দিকৰাই জানৰ ইক্ৰামুল হোছেইন আৰু ন-পামৰ সুৰুজ আলি। আৰক্ষী বিষয়া জোনমণিৰ ৰহস্য জনক মৃত্যুৰ পিছতে নকল নোট আৰু নকল সোণৰ ব্যৱসায়ীৰ মাজত হাহাকাৰ সৃষ্টি হোৱাৰ পিছতো একাংশ নকল সোণৰ ব্যৱসায়ীয়ে বৰ্ত্তমানেও অবিৰত ভাৱে চলাই আছে এই ব্যৱসায়।

তেনে এটা দুষ্ট চক্ৰই মঙলদৈৰ যুৱক তথা সেনা জোৱান অৰুণ চহৰীয়ালৈ ফোন কৰি চিনাকি বুলি কৈ তেজপুৰত ৰাজমিস্ত্ৰী কাম কৰি থাকোতে সোণৰ অলংকাৰ পোৱা বুলি কৈ চহৰীয়াক কম মূল্যত বিক্ৰী কৰিব বিচাৰে । চহৰীয়াই কাহিনীটো ধৰিব পাৰি নকল সোণৰ ব্যৱসায়ী দলটোক হাতে-লোতে ধৰাৰ কৌশল ৰচনা কৰি যোগাযোগ ৰাখে ।

কৰ্মক্ষেত্ৰৰ পৰা ছুটিত আহি দৰং আৰক্ষী অধীক্ষকৰ সৈতে যোগাযোগ কৰি নকল সোণৰ ব্যৱসায়ী লোক কেইজনক ধৰাই দিবলৈ সক্ষম হয়। শুকুৰবাৰে অৰুণ চহৰীয়া তেজপুৰলৈ সোণ অনাৰ চলেৰে গৈ দৰং আৰু তেজপুৰ আৰক্ষীৰ সহযোগত দুয়ো প্ৰৱঞ্চক ইক্ৰামুল হোছেইন আৰু সুৰুজ আলীক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা দুজন প্ৰৱঞ্চক জৰিয়তে আৰু কিছু লোক আটক হোৱাৰ সম্ভাৱনা আছে।

মঙলদৈত দুই নকল সোণৰ ব্যৱসায়ীক আটক...
নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী মোডীয়ে স্থাপন কৰিলে ছেংগুল...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in