ধেমাজি বিস্ফোৰণৰ ৰায়দানৰ প্ৰতিক্ৰিয়া ভূপেন বৰাৰঃ আৰক্ষীৰ প্ৰতি ৰাইজৰ আস্থা কমিব...

ধেমাজি বিস্ফোৰণৰ ৰায়দানৰ প্ৰতিক্ৰিয়া ভূপেন বৰাৰঃ আৰক্ষীৰ প্ৰতি ৰাইজৰ আস্থা কমিব...

author-image
Asomiya Pratidin
New Update
ভূপেন বৰাৰ নতুন কবিতা 'দৰ্পচূৰ্ণ'

ধেমাজি বিস্ফোৰণৰ ৰায়দানৰ প্ৰতিক্ৰিয়া ভূপেন বৰাৰঃ আৰক্ষীৰ প্ৰতি ৰাইজৰ আস্থা কমিব...

ডিজিটেল সংবাদ নগাঁও: ধেমাজিৰ বোমা বিস্ফোৰণৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি প্ৰদান কৰা ৰায় সন্দৰ্ভত নগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। নগাঁৱৰ ৰাজীৱ ভৱনত এই সন্দৰ্ভত ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয় যে, এইক্ষেত্ৰত অসম আৰক্ষী আৰু গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ।

Advertisment

তেওঁ কয়, অসম আৰক্ষী দক্ষতা প্ৰদৰ্শন কৰাত চূড়ান্ত ভাবে ব্যৰ্থ। একপ্ৰকাৰৰ মেচ ফিক্সিং হোৱাৰ দৰে হৈছে ঘটনাটো।গৃহ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী গৰাকীও নিশ্চুপ । অসম আৰক্ষীৰ ওপৰত এতিয়া ৰাইজৰ আস্থা কমিব। কাৰণ, ইয়াত আৰক্ষীৰ সঠিক অনুসন্ধানৰ বিশেষ গুৰুত্ব আছিল।

ইফালে প্ৰসংগক্ৰমে ভূপেন বৰাই আলফা-চৰকাৰৰ আলোচনাৰ কথাও দোহাৰি বদৰুদ্দিন আজমল শেহতীয়াকৈ অধিক সাম্প্ৰদায়িক হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে ।

Also Read: উফ্ ধেমাজি ! আকৌ 'বিস্ফোৰণ'...

ধেমাজি বিস্ফোৰণ ভূপেন কুমাৰ বৰা