/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/b069fd51-a226-4aee-ae98-30d820791f8c/gg.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ বিশিষ্ট ছাত্ৰ নেতা দেব বৰাৰ মৃত্যু ৷ নগাঁৱৰ কচলুখোৱাৰ নিবাসী দেব বৰাৰ মৃত্যুত পৰিছে শোকৰ ছা ৷ দেওবাৰে বিয়লি বৰাই শেষ নিশ্বাস ত্যাগ কৰে ৷
নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বৰাই ছাত্ৰ আন্দোলনৰে জড়িত আছিল ৷ ভাৰতীয় খাদ্য নিগমৰ পৰা অৱসৰ গ্ৰহণ কৰা বৰা অসম মহিলা আয়োগৰ সদস্য মামনি বৰাৰ স্বামী আছিল ৷
Also Read: প্ৰতিবাদকাৰীৰ কাষত থিয় হৈ বিদ্যুতৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি বিধায়কৰ