
ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰত চূড়ান্ত বিসংগতিৰে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ পিছত উচ্চ ন্যায়ালয়ত মুখ থেকেচা খালে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ণ নিগম চমুকৈ এন এইচ আই ডি চি এলয়ে। সুদীৰ্ঘ ৫ বছৰৰ মূৰত ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত এতিয়া স্থানীয় ৰাইজৰ দাবী মানি লৈ তিনিমাহৰ ভিতৰত বিসংগতিপূৰ্ণ কামৰ সংশোধন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে এন এইচ আই ডি চি এল কৰ্তৃপক্ষ।
মঙ্গলবাৰে কলিয়াবৰ তিনিআলিস্থিত গৌৰী ভৱনত আয়োজিত এখনি সংবাদমেলত ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণত স্থানীয় সমস্যা সমাধান দাবীত সমিতিৰ যুটীয়া সম্পাদক প্ৰশান্ত কুমাৰ শইকীয়াই মন্তব্য প্ৰদান কৰিছে । তেওঁ কয় যে, বহু আন্দোলনৰ পিছত অৱশেষত ন্যায়ালয়ত উচিত ৰায় পোৱাত কলিয়াবৰৰ ৰাইজে এতিয়া সন্তুষ্টি প্ৰকাশ কৰিছে। ইয়াৰ লগে লগে পৰিসমাপ্তি ঘটিল ৫ বছৰীয়া এটা আন্দোলনৰ। অৱশেষত এন এইচ আই ডি চি এলয়ে ।
উচ্চ ন্যায়ালয়ত মুখ থেকেচা খালে বুলি উল্লেখ কৰে । লগতে কয় আদালতৰ মজিয়াত প্ৰমাণ হ'ল কলিয়াবৰত চাৰিলেন যুক্ত পথ নিৰ্মাণত চুড়ান্ত বিসংগতিৰ তথ্য।
তিনিমাহৰ ভিতৰত বিসংগতিপূৰ্ণ কামৰ সংশোধন কৰিবলৈ এন এইচ আই ডি চি এল ক ন্যায়ালয়ে কঠোৰ নিৰ্দেশ দিয়া বুলিও উল্লেখ কৰিছে । সংবাদ মেলত যুটীয়া সম্পাদক শইকীয়াই কয় চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মাণত হোৱা আসোৱাহ দূৰীকৰণৰ দাবীত বহু আন্দোলন, প্ৰতিবাদৰে সংশ্লিষ্ট কৰ্তৃপক্ষৰ গা-লৰাব নোৱাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কলিয়াবৰৰ একাংশ সচেতন ৰাইজ। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণত ৰাইজৰ সমস্যা দূৰ কৰাৰ লগতে কলিয়াবৰ তিনিআলিত চাৰ্ভিচ ৰোড, নলা-নৰ্দমা আদি নিৰ্মাণৰ দাবীত ২০১৮ চনৰ পৰা বিভিন্ন দাবী, প্ৰতিবাদ কৰি অহাৰ পিছত ২০২২ চনৰ মে' মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত এক গোচৰ তৰে স্থানীয় সচেতন লোকসকলে।
নৱেম্বৰ মাহত সেই গোচৰৰ শুনানী লৈ ৰাষ্ট্ৰীয় ঘাইপথৰ বিসংগতি দূৰ কৰিবলৈ এন এইচ আই ডি চি এল ক নিৰ্দেশ দিয়ে ন্যায়ালয়ে। অৱশেষত ন্যায়ালয়ৰ নিৰ্দেশ মানি তিনিমাহৰ ভিতৰত পথ নিৰ্মাণত সংশোধনীৰ প্ৰতিশ্ৰুতি দিছে এন এইচ আই ডি চি এলয়ে। সেই অনুসৰি কলিয়াবৰ তিনিআলিৰ লগত সংযুক্ত এলেকাত সেৱা পথ, পানী যোৱা নলা-নৰ্দমা নিৰ্মাণ কৰিবলৈ বাধ্য হ'ব এন এইচ আই ডি চি এল ।
উল্লেখ্য যে, ৰাজ্যৰ এটা প্ৰধান সংযোগ স্থল কলিয়াবৰ তিনিআলিত পূৰ্বৰ প্ৰাককলন, নক্সা আদি সলনি কৰি পথ নিৰ্মাণ কৰাৰ লগতে সেৱাপথ, নলা-নৰ্দমা আদিৰ ব্যৱস্থা কৰ্তন কৰিছিল এন এইচ আই ডি চি এলয়ে। ঠায়ে ঠায়ে পথ সংকোচনৰ লগতে পথ পাৰ হোৱাৰ বাবে প্ৰয়োজনীয় সুবিধাও ৰখা নাছিল নিৰ্মাণকাৰী সংস্থাই। ন্যায়ালয়ৰ নিৰ্দেশৰ ওচৰত সেও মানি অৱশেষত ৰাইজৰ দাবী মানি ল'বলৈ বাধ্য হ'ল এন এইচ আই ডি চি এল।
সেই অনুসৰি কলিয়াবৰ তিনিআলিৰ লগত সংলগ্ন পথৰ দুয়োপাৰে সেৱা পথ আৰু পানী যোৱা নলা-নৰ্দমা নিৰ্মাণ কৰিব ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে। এই সন্দৰ্ভত ইতিমধ্যে দাবী সমিতি খনলৈ পত্ৰ প্ৰেৰণ কৰিছে এন এইচ আই ডি চি এল য়ে। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত সংশোধনীৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ ৰায়দানত সন্তুষ্টি প্ৰকাশ কৰিছে দীৰ্ঘদিন ধৰি আন্দোলন কৰি অহা স্থানীয় ৰাইজে। আজিৰ সংবাদ মেলত উপস্থিত থাকে দাবী সমিতিৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী গুনীন হাজৰিকা, প্ৰাক্তন অধ্যক্ষ ধীৰেন্দ্ৰ কুমাৰ হাজৰিকা, প্ৰদীপ বৰুৱা, পুলীন হাজৰিকা, যুটীয়া সম্পাদক অপূৰ্ব কুমাৰ বৰদলৈ আদি।