মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিঃ গুৰু কীৰ্ত্তনৰে মুখৰ বটদ্ৰৱা থান

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিঃ গুৰু কীৰ্ত্তনৰে মুখৰ বটদ্ৰৱা থান

author-image
Asomiya Pratidin
New Update
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিঃ গুৰু কীৰ্ত্তনৰে মুখৰ বটদ্ৰৱা থান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শনিবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৫ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানটো পুৱাৰে পৰা মুখৰিত হৈ আছে নাম প্ৰসংগৰ ধ্বনি।

Advertisment

শংকৰদেৱৰ তিৰোভাৱ তিথিটি বটদ্ৰৱা থানত 'গুৰু কীৰ্তন' হিচাপে পালন কৰা হয়। বটদ্ৰৱা থানৰ পৰম্পৰা অনুসৰি শ শ বছৰ ধৰি গুৰু কীৰ্তন উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে পালন হৈ আহিছে।

ধৰ্মীয় পৰম্পৰাৰে শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা গুৰু কীৰ্তনৰ শনিবাৰে পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্রসঙ্গ, দুপৰীয়া নাম প্ৰসঙ্গশআদি বিভিন্ন কাৰ্যসূচীৰ পিছত বিয়লি সত্ৰৰ কনকন শিশু সকলে পৰিৱেশন কৰিব 'ভোজন-বিহাৰ' নাটক।

Also Read: 'স্পাৰ্ক মিষ্টাৰ এণ্ড মিছ গ্লেম'ত উজলিল চতিয়াৰ বৰ্ষা

batadraba