ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে মুকলি এক্সট্ৰিম ই ভি মাল্টি ব্ৰেণ্ডৰ ইলেক্ট্ৰিক বাইক ডিলাৰ

ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে মুকলি এক্সট্ৰিম ই ভি মাল্টি ব্ৰেণ্ডৰ ইলেক্ট্ৰিক বাইক ডিলাৰ

author-image
Asomiya Pratidin
New Update
ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে মুকলি এক্সট্ৰিম ই ভি মাল্টি ব্ৰেণ্ডৰ ইলেক্ট্ৰিক বাইক ডিলাৰ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ পেট্ৰ'ল, ডিজেলৰ মূল্যবৃদ্ধি, নাটনি আৰু পৰিবেশ সুৰক্ষাৰ কথা চিন্তা কৰি দেশৰ অগ্ৰনী মাল্টি ব্ৰেণ্ড কোম্পানী এক্সট্ৰিম ই ভিয়ে মুকলি কৰিছে উন্নত মানদণ্ডৰ ইলেক্ট্ৰিক বাহন। এই বাহন সমূহ বিদ্যুতৰ সহায়ত ৰিচাৰ্জ কৰিব পাৰি। এবাৰ চাৰ্জত ২৫০ কিলোমিটাৰ চলাব পৰা যাব।

Advertisment

ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে নগাঁও চহৰত দেওবাৰে মুকলি হৈছে এই নতুন ষ্টাইল, নতুন টেকনলজি, এক্সট্ৰিম ই ভি নামৰ মাল্টি ব্ৰেণ্ডৰ উন্নত মানদণ্ডৰ ইলেক্ট্ৰিক বাইক ডিলাৰ। আনজাৰ হুছেইনৰ প্ৰচেষ্টাত আৰম্ভ হোৱা এক্সট্ৰিম ই ভি ডিলাৰ আজি মাংগলিক অনুষ্ঠানৰ মাজেৰে শুভাৰম্ভ কৰা হয়।

নগাঁও চহৰৰ মৰিগাঁও বাছ আস্থানৰ সমীপত এই এক্সট্ৰিম ই ভি ডিলাৰটি ফিটা কাটি মুকলি কৰে এক্সট্ৰিম ই ভি পৰিচালন সঞ্চালক ছিৰাগ চৌহানে। আনজাৰ হুছেইনে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি যুৱ উদ্যোগী ৰাজদীপ ৰাজখোৱা, লোকনাথ শইকীয়া, গোপাল চন্দ্ৰ দাস, খুচবু চৌহান, হাতীযুঁজুৱাৰ সমাজকৰ্মী আব্দুল মান্নান, আনজুৱাৰা বেগম, বাহাৰুল ইছলামকে আদি কৰি পাঁচ শতাধিক লোক উপস্থিত থাকে।

Also Read: ভাৰতীয় শল্য চিকিৎসা সন্থা অসম শাখাৰ অভিনৱ পদক্ষেপ