বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা : ১ জন নিহত,৩ জন আহত

বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা : ১ জন নিহত,৩ জন আহত

ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও জিলাৰ বেবেজীয়াত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে তিনিজনকৈ যুৱক গুৰুতৰভাৱে আহত হয় । দেওবাৰে বিয়লি বেবেজীয়া চাৰিআলিৰ নাতিদূৰৈৰ টোকোলাই বেবেজীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো ।

ঘটনাৰ বিৱৰণী অনুসৰি, নগাঁও চহৰৰ দিশৰ পৰা বেবেজীয়া অভিমুখে আহি থকা দুখনকৈ মটৰ চাইকেলে প্ৰচণ্ড জোৰেৰ পথৰ দাঁতিৰ এক পকী অংশত খুন্দা মাৰে। ফলত জাজৰিৰ মিনাজ আহমেদ নামৰ যুৱকজন থিতাতে নিহত হোৱাৰ লগতে ফাইজুদ্দিন আহমেদ,শ্বেখৰ সুমন বৰা আৰু আৰবাছ ৰহমান নামৰ তিনিজনকৈ যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

দুৰ্ঘটনাত পতিত য়ামাহাৰ শেহতীয়া মডেলৰ মটৰ চাইকেল দুখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS02AH 6164 আৰু AS02AH 6173 । প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি এখন মটৰ চাইকেলৰ আৰোহী দুজনে আনখন মটৰ চাইকেলৰ আৰোহী দুজনক পিছে পিছে তীব্ৰ গতিত অনুসৰণ কৰি আহিছিল আৰু হেলমেটেৰে আৰোহী দুজনক আঘাত কৰাৰ চেষ্টা চলাইছিল । যাৰ পৰিণতিত সংঘটিত হয় এই দুৰ্ঘটনা ।

উল্লেখযোগ্য যে ফাইনেন্স কোম্পানীৰ পৰা ঋণ লৈ ক্ৰয় কৰা মটৰ চাইকেলখনৰ কিস্তি আদায় দিবলৈ থকাৰ বাবেই মটৰ চাইকেলখন তেনেদৰে বিধি-পথালি দি জব্দ কৰাৰ চেষ্টা চলাইছিল আন মটৰ চাইকেলৰ আৰোহী দুজনে। ইয়াতেই শংকিত হৈ তীব্ৰ গতিত মটৰ চাইকেল চলাই পলায়নৰ চেষ্টা চলাইছিল যুৱক দুজনে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত বেবেজীয়া আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ পিছতেই সন্ধিয়া বেবেজীয়া আৰক্ষী চকীত নগাঁৱৰ উপ আৰক্ষী অধীক্ষক ক্ষীৰেশ্বৰ শইকীয়া আৰু নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ প্ৰতিম চিংকন উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা : ১ জন নিহত,৩ জন আহত
কাজিৰঙাত ব্যক্তিগত হাতী ছাফাৰী বন্ধৰ সিদ্ধান্ত বাতিল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in