কঠীয়াতলীত এজনৰ মৃতদেহ উদ্ধাৰ...

কঠীয়াতলীত এজনৰ মৃতদেহ উদ্ধাৰ...

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত এজনৰ মৃতদেহ উদ্ধাৰ...

ডিজিটেল সংবাদ, কঠীয়াতলীঃ কঠীয়াতলী জুৰিৰপাৰত এজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা লোকজনৰ মৃতদেহ পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে।

Advertisment

কঠীয়াতলীত বিগত প্ৰায় ১৫-২০ বছৰ ধৰি দৈনিক বজাৰত হাঁহ, কুকুৰা, ব্ৰয়লাৰ ব্যৱসায়ৰ লগত জড়িত আছিল লোকজন। মৃত লোকজনৰ নাম ডিম্বেশ্বৰ হাজৰিকা বুলি জানিব পৰা গৈছে। স্থানীয় লোকে ঘৰৰ কাষৰ জুৰিত মৃতদেহ প্ৰতক্ষ্য কৰি কঠীয়াতলী আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Also Read: বিয়া নহয়, এয়া লাভ জেহাদঃ বিহাৰত সোনাক্ষীক নিষিদ্ধ ঘোষণা হিন্দু শিৱ বাহিনীৰ...

deadbody recover Kathiatoli