/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/e5fbfc9e-52bb-49c1-b027-630ae208e93b/ddd.jpg)
নগাঁৱৰ হাতীচোং কুঁজীডাঁহত ৰহস্যজনক ভাৱে পুখুৰীত উদ্ধাৰ যুৱকৰ মৃতদেহ।
বৃহস্পতিবাৰে পুৱা স্থানীয় ৰাইজে পুখুৰীত প্ৰত্যক্ষ কৰে মৃতদেহটো।
মৃত যুৱকজন কুঁজীডাঁহৰ বেজৰচুক গাঁৱৰ জয়ন্ত বৰা ওৰফে জুন্টি বুলি চিনাক্ত কৰা হৈছে।
ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
ঘটনাটোক লৈ সমগ্ৰ হাতীচোং অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
তিনিজন ককাই ভাইৰ মাজৰ জেষ্ঠ জয়ন্তই সৰু ব্যবসায় কৰি জীৱন নিৰ্বাহ কৰিছিল।
মৃত্যুৰ সময়ত তেওঁ মাতৃ আৰু পত্নীক এৰি থৈ যায়।
Also Read: নাই সমাধান! নিৰ্বাচনত জয়ী হোৱাৰ পাছতো মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব পৰা নাই বিজেপিয়ে...