নগাঁৱত আবৃত্তিৰ দিন উদযাপন...

গাঁৱৰ আৰ্ট ভিলেজৰ উদ্যোগত আবৃত্তি প্ৰাণ প্ৰয়াত গোলাপ চন্দ্ৰ বৰাৰ সোঁৱৰণত আবৃত্তিৰ দিন উদযাপন কৰা হয়
নগাঁৱত আবৃত্তিৰ দিন উদযাপন...

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ আৰ্ট ভিলেজৰ উদ্যোগত আবৃত্তি প্ৰাণ প্ৰয়াত গোলাপ চন্দ্ৰ বৰাৰ সোঁৱৰণত আবৃত্তিৰ দিন উদযাপন কৰা হয় । উক্ত অনুষ্ঠানতে আবৃত্তি গবেষক শান্তিছায়া শইকীয়া লৈ আবৃত্তি দিনৰ সন্মান ২০২৩ প্ৰদান কৰা হয় ।

২০০৮ চনৰ পৰাই আয়োজন কৰা গোলাপ চন্দ্ৰ বৰা জন্ম দিনটো আবৃত্তি দিন হিচাপে পালন কৰা হয় ।

অসমীয়া আবৃত্তি শিক্ষাৰ প্ৰসাৰৰ বাবে প্ৰয়াত গোলাপ চন্দ্ৰ বৰাৰ অবদান, তেখেতে গঢ়া আবৃত্তি শিক্ষাৰ প্ৰতিষ্ঠান সমূহৰ জড়িয়তে অসমত ছাত্ৰ-ছাত্ৰীক আবৃত্তিৰ ক্ষেত্ৰত পদ্ধতিগত প্ৰশিক্ষণ প্ৰদান কৰে ।

ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টিশীল দক্ষতা বিকাশৰ বাবে এখন আবৃত্তি বিদ্যালয় আৰ্ট ভিলেজত আৰম্ভণি কৰা হয় ।

উক্ত অনুষ্ঠানত প্ৰায় অৰ্দ্ধ শতাধিক আবৃত্তি প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে । উক্ত অনু্ষ্ঠানটিত অংশগৰ্হণ কৰি উৎপুল্লিত হৈ পৰে বুলি মন্তব্য কৰিছে প্ৰশিক্ষাৰ্থীসকলে ।

নগাঁৱত আবৃত্তিৰ দিন উদযাপন...
অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱ, ঢকুৱাখনাৰ  উদণ্ড বন বিষয়াক ১২ ঘণ্টাৰ ভিতৰত বদলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in