অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱ, ঢকুৱাখনাৰ  উদণ্ড বন বিষয়াক ১২ ঘণ্টাৰ ভিতৰত বদলি...

নিজৰ অবিবেচকী চৰিত্ৰ আৰু দাম্ভিক আচৰণৰ বাবে প্ৰশাসনীয় পদ হেৰুৱাব লগা হল ঢকুৱাখনা এজন বন বিষয়াই । চৰকাৰ প্ৰদত্ত প্ৰশাসনীয় ক্ষমতা পাই অন্ধ হৈ গুৰু গোঁসাই নমনাৰ বাবে বদলি হ’ব লগীয়া হ’ল বন বিষয়া হল ইন্দ্ৰেশ্বৰ দাসে

author-image
Asomiya Pratidin
New Update
অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱ, ঢকুৱাখনাৰ  উদণ্ড বন বিষয়াক ১২ ঘণ্টাৰ ভিতৰত বদলি...

বন বিষয়াক বদলি

ডিজিটেল সংবাদ, ঢকুৱাখনা: নিজৰ অবিবেচকী চৰিত্ৰ আৰু দাম্ভিক আচৰণৰ বাবে প্ৰশাসনীয়  পদ হেৰুৱাব লগা হল ঢকুৱাখনা এজন  বন বিষয়াই । চৰকাৰ প্ৰদত্ত প্ৰশাসনীয় ক্ষমতা পাই অন্ধ হৈ গুৰু গোঁসাই নমনাৰ বাবে বদলি হ’ব লগীয়া হ’ল বন বিষয়া হল ইন্দ্ৰেশ্বৰ দাসে ।

Advertisment

ঢকুৱাখনা উপ খণ্ড বন বিভাগত বন বিষয়া হিচাবে কৰ্মৰত দাসে মঙ্গলবাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰি দুখন বৈধ আৰু নীতিগত ভাবে বনজ সম্পদ কঢ়িয়াই নিয়া  ডাম্পাৰ জব্দ কৰি নিজৰ  দাম্ভিকতাৰ পৰিচয় দিছিল ।

মঙ্গলবাৰে পুৱা ৬-২০ বজাত ই চালান কাটি গোগামুখ কোৱাৰীৰ পৰা বনজ  সম্পদ কঢ়িয়াই অনা এ এছ ০৭ বি চি ২৮১১ আৰু এ এছ ০৭ বি চি ১৬০১ নম্বৰৰ দুখন ডাম্পাৰ ঢকুৱাখনা নগৰৰ টাউন তিনি আলিত পুৱা প্ৰায় ৮ বজাত ৰখাই নথিপত্ৰ পৰীক্ষণৰ নামত অভব্য আচৰণ কৰাই নহয় দুজন চালকৰ মবাইল পৰ্যন্ত কাঢ়িলৈ বন বিভাগৰ কাৰ্য্যালয়লৈ বাহন দুখন আনি নিশা পৰ্যন্ত জব্দ কৰি ৰাখে ।

বন বিষয়াক বদলি
বন বিষয়াক বদলি

বিধিগত আৰু নিৰ্ধাৰিত সময়ৰ ম্যাদৰ ভিতৰত ই চালান থকা সম্পৰ্কত  মতলবি বন বিষয়াজনক অৱগত কৰি চালান প্রদর্শন কৰিবলৈ বহুবাৰ চালক দুজনে চেষ্টা কৰিও বিফল হোৱাৰ পাছত মেচাৰ্ছ পূৰ্বাঞ্চল চাপ্লাই কোম্পানীৰ প্ৰতিনিধিক অৱগত কৰে ।

লগে লগেই কোম্পানীৰ প্ৰতিনিধি গৰাকীয়ে বন বিষয়া গৰাকীক স-সন্মানে ই চালান দুখন নিজৰ মবাইলৰ পৰা দেখুৱাব বিচাৰে যদিও বন বিষয়া দাসে উন্মত্ত আচৰণ কৰি "মোৰ যি ইচ্ছা তাকেই কৰিম" বুলি উচ্চ বাচ্য কৰি  কাৰ্য্যালয়ৰ পৰা প্ৰতিনিধিজনক আঁতৰাই পঠিয়াই ।

সংবাদমাধ্যমৰ সন্মুখতে সীমাহীন অভব্য আৰু শিষ্টাচাৰহীন আচৰণ কৰা এনে ৰূপ ধৰা বন বিষয়া গৰাকীৰ এনে আচৰণ স্বচক্ষে প্ৰত্যক্ষ কৰে বন বিভাগৰ অন্যান্য কৰ্মচাৰী সকলেও ।

notice
notice

কমিচনৰ লালসা আৰু ক্ষমতাৰ ৰাগীত বলিয়ান হৈ পৰা এইগৰাকী বন বিষয়াৰ এনে দৃষ্টিকটু আচৰণ প্ৰত্যক্ষ কৰি পথচাৰী স্তম্ভিত হোৱাৰ লগতে পৰৱৰ্তী সময়ত চালক আৰু কোম্পানীৰ প্ৰতিনিধিয়ে কাৰ্য্যালয় চৌহদ ত্যাগ কৰে ।

সংবাদ মাধ্যমৰ সন্মুখতে এইগৰাকী উৰ্দ্ধত বন বিষয়াই প্রদর্শন কৰা অসহিষ্ণু আৰু উন্নাসিক আচৰণ সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত মঙ্গলবাৰে পুৱা বাতৰি প্ৰকাশ হয় ।

লখিমপুৰ জিলা বন বিভাগক লজ্জানত কৰা এই নীতি বৰ্হিভূত কাণ্ডৰ সন্দৰ্ভত জিলা বন সংমণ্ডল বিষয়াৰ অৱগত হোৱাত কঠোৰ কার্যব্যৱস্থা গ্ৰহণ কৰে এইগৰাকী গুৰু গোঁসাই নমনা, দাম্ভিক বন বিষয়াৰ বিৰুদ্ধে ।

জিলা বন বিভাগৰ কাৰ্য্যালয়ৰ সূত্ৰে জনা মতে এইগৰাকী বন বিষয়া ইন্দ্ৰেশ্বৰ দাসক হাৰমতী বন উপ সংমণ্ডললৈ বদলি কৰি হাৰমতী বন বিভাগত কৰ্মৰত বন বিষয়া চূড়ামনি বৰুৱাক  ঢকুৱাখনা বন বিভাগত নিযুক্তি দিছে । এই সন্দৰ্ভত বিভাগীয় নিৰ্দেশনা জাৰি কৰা বুলি জানিব পৰা গৈছে ।

ঢকুৱাখনা মহকুমা সদৰত অৱস্থিত এটা গুৰুত্বপূৰ্ণ বিভাগৰ এগৰাকী দায়িত্বশীল বিষয়াই পদ মৰ্যাদা অপব্যৱহাৰ কৰি  চলোৱা তাণ্ডৱ আৰু গুণ্ডাৰাজৰ বাতৰি "অসমীয়া প্ৰতিদিন  ডিজিটেল" প্ৰকাশৰ পাছতেই ১২ ঘণ্টাৰ ভিতৰত ওলোৱা  বদলিৰ নিৰ্দেশে  বিতৰ্কিত বন বিষয়া দাসৰ সান্দহ খোৱা বালি ঢকুৱাখনাত  তল যোৱাটো নিশ্চিত কৰিলে বুলি সচেতন ৰাইজে মত প্ৰকাশ কৰিছে ।

বনজ সম্পদ পৰিবাহী ডাম্পাৰৰ নথি পত্ৰ পৰীক্ষণৰ নামত প্ৰায়ে অযথা হাৰাশাস্তি চলোৱা  এইগৰাকী বিতৰ্কিত বন বিষয়াৰ বদলিৰ খবৰে ঢকুৱাখনাবাসীক আশ্বস্ত কৰিছে ।

Also Read: ভাৰত আৰু ম্যানমাৰৰ যুটীয়াভাৱে চিটৱে বন্দৰৰ শুভ উদ্বোধন...

#forest officer transfer