নগাঁও জিলাৰ কঠীয়াতলী ঝুমইৰ নৃত্য, গীতৰ কৰ্মশালা...

নগাঁও জিলাৰ কঠীয়াতলী জুমৰমুৰ মিলন বিদ্যাপীঠ হাইস্কুলত সূৰ্য জ্যোতি যুৱ সংঘৰ উদ্যোগত আজিৰ পৰা তিনিদিনীয়া কাৰ্য্সূচীৰে অনুষ্ঠিত হৈছে ঝুমইৰ নৃত্য আৰু গীতৰ কৰ্মশালা।

author-image
Asomiya Pratidin
New Update
 নগাঁও জিলাৰ কঠীয়াতলী ঝুমইৰ নৃত্য, গীতৰ কৰ্মশালা...

ডিজিটেল সংবাদ কামপুৰঃ নগাঁও জিলাৰ কঠীয়াতলী জুমৰমুৰ মিলন বিদ্যাপীঠ হাইস্কুলত সূৰ্য জ্যোতি যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হয় ঝুমইৰ নৃত্য আৰু গীতৰ কৰ্মশালা। আজিৰ পৰা অহা ২৮ মাৰ্চলৈ তিনিদিনীয়া কাৰ্য্সূচীৰে এই কৰ্মশালা অনুষ্ঠিত হব।

অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ সাংস্কৃতিক দিশৰ প্ৰতি লক্ষ্য ৰাখি সূৰ্য জ্যোতি যুৱ সংঘয়ে অনুষ্ঠিত কৰিছেএই কৰ্মশালা। উল্লেখ্য যে, অঞ্চলটোৰ প্ৰায় দুই শতাধিক প্ৰশিক্ষাৰ্থীয়ে এই কৰ্মশালাখনিত অংশগ্ৰহণ কৰে।

অভিজ্ঞ আমন্ত্ৰিত প্ৰশিক্ষকৰ দ্বাৰা এই প্ৰশিক্ষাৰ্থীসকলক সুন্দৰভাৱে প্ৰশিক্ষণ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে। এই কৰ্মশালাখনিত অংশগ্ৰহণ কৰা সকলো প্ৰশিক্ষাৰ্থীক ধন্যবাদ জ্ঞাপন কৰে সূৰ্য জ্যোতি যুৱ সংঘ‌‌‌ৰ সভাপতি শ্যাম জ্যোতি তাছা আৰু অৰ্জুন কৌৱৰে।

তিনি দিনীয়া কৈ অনুষ্ঠিত হ'বলগা এই কৰ্মশালাখনিক লৈ যথেষ্ট আশাবাদী আয়োজক সমিতি। সূৰ্য জ্যোতি যুৱ সংঘ‌‌‌ৰ এনে প্ৰশংসনীয় প্ৰদক্ষেপক এতিয়া শলাগ লৈছে অঞ্চলবাসীয়ে।

কঠীয়াতলী