মুকলি নসত্ৰ জ্ঞান দীপ্তি যুৱক সংঘৰ সৌজন্যত সাংস্কৃতিক অনুষ্ঠান

মুকলি নসত্ৰ জ্ঞান দীপ্তি যুৱক সংঘৰ সৌজন্যত সাংস্কৃতিক অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
মুকলি নসত্ৰ জ্ঞান দীপ্তি যুৱক সংঘৰ সৌজন্যত সাংস্কৃতিক অনুষ্ঠান

ডিজিটেল সংবাদ,বটদ্ৰৱা : মুকলি নসত্ৰ জ্ঞান দীপ্তি যুৱক সংঘৰ সৌজন্যত বিগত বৰ্ষসমূহৰ দৰে এইবেলিও দিনজোৰা কাৰ্যসূচীৰে সাংস্কৃতিক অনুষ্ঠান আৰু বিভিন্ন প্ৰতিভা সন্ধানী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বিপুল বৰাই।

Advertisment

ইয়াৰ পাছত নাম প্ৰসঙ্গ অনুষ্ঠিত হয়। ১২-০০ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ অন্তত বিয়লি ৪ বজাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দলীয় শাখাত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে সাংবাদিক, কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱাই।

প্ৰতিযোগিতাৰ অন্তত সহকাৰী সম্পাদক জিতুমণি বৰাই আঁত ধৰা বঁটা বিতৰণী সভাত সমিতিৰ মুখ্য উপদেষ্টা দিলীপ কুমাৰ বৰা, সভাপতি বিপুল বৰা, সম্পাদক বিষ্ণু বৰা, শচীন্দ্ৰ বৰা আদি উপস্থিত থাকে। এইসকল বিশিষ্ট ব্যক্তিৰ উপস্থিতিত কুইজ, চিত্ৰাংকন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা দলক মানপত্ৰ, নগদ ধন আৰু ট্ৰফীৰে পুৰস্কৃত কৰে।

মুকলি নসত্ৰ পুৰণি কীৰ্ত্তনঘৰৰ চোতালত অনুষ্ঠিত কাৰ্যসূচীৰ সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন, মঞ্চ উদ্বোধনৰ পিছত বৰগীত পৰিৱেশন কৰা হয়। পাছত জেং বিহু পৰিবেশনৰ পাছত একক আধুনিক নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

Also Read: নিশাৰী নৈৰ তাণ্ডৱ : কঠীয়াতলী-কামপুৰ পথৰ যাতায়ত ব্যাহত

batadraba