উৰিয়াগাঁৱত ত্ৰিকোণীয় ক্ৰিকেট প্ৰতিযোগিতাঃ আজিৰ মেচত বিজয়ী গোমোঠাগাওঁ

উৰিয়াগাওঁ আঞ্চলিক যুৱক বৃন্দ আৰু উৰিয়াগাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা ত্ৰিকোণীয় ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ মেচত ইলেভেন ষ্টাৰ ক্লাব আৰু গোমোঠাগাওঁ ইলেভেন মুখামুখি হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
উৰিয়াগাঁৱত ত্ৰিকোণীয় ক্ৰিকেট প্ৰতিযোগিতাঃ আজিৰ মেচত বিজয়ী গোমোঠাগাওঁ

ডিজিটেল সংবাদ উৰিয়াগাওঁঃউৰিয়াগাওঁ আঞ্চলিক যুৱক বৃন্দ আৰু উৰিয়াগাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে ত্ৰিকোণীয় ক্ৰিকেট প্ৰতিযোগিতা। আজি প্ৰতিযোগিতাৰ এখন মেচত ইলেভেন ষ্টাৰ ক্লাব আৰু গোমোঠাগাওঁ ইলেভেন মুখামুখি হয়।

মেচখনত প্ৰথমে বেটিং কৰি গোমোঠাগাওঁ ইলেভেনে ৭ উইকেট হেৰুৱাই ১৫ অভাৰত ১৬৪ ৰাণ কৰে। ইয়াৰ প্ৰত্যুত্তৰত চুটিয়াগাঁৱৰ ইলেভেন ষ্টাৰ ক্লাৱে গোটেই কেইটা উইকেট হেৰুৱাই মাত্ৰ ১০৪ ৰাণহে কৰিবলৈ সক্ষম হয়।

মেচখনত গোমোঠাগাওঁ দলৰ হৈ ৰাজা নেওঁগে সৰ্বাধিক ৯৪ ৰাণ কৰে।

ক্ৰিকেট

ক্ৰিকেট