নগাঁৱত গৰু চোৰ আটক

নগাঁৱত গৰু চোৰ আটক

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ ৰাঙলুত আটক কৰা হৈছে এটা গৰু চোৰ ৷ ৰাইজে খেদি খেদি আটক কৰে গৰু চোৰটো৷ উল্লেখ্য যে, আটকাধীন চোৰটোৰ লগত চুৰি কৰিবলৈ অহা আন ২টা চোৰে ৩টা গৰু লৈ পলায় যাবলৈ সক্ষম হয় ৷

এখন চুইফ্ট ডিজায়াৰত আহিছিল চোৰৰ দলটো ৷ আটক হোৱা গৰু চোৰটো চামগুৰিৰ মৌচম আলী বুলি জানিব পৰা গৈছে ৷ স্থানীয় ৰাইজে আটক কৰি ৰাঙলু আৰক্ষীক গতাই দিয়ে চোৰটো ৷

দীৰ্ঘদিন ধৰি ৰাঙলু অঞ্চলত গৰু চোৰে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল৷ ইফালে ৰাঙলু আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীয়ে অভিযান চলাই চামগুৰীৰ সোনাইবালিৰ জাকিৰ নামৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰে চুৰি হোৱা গৰু কেইটা।

নগাঁৱত গৰু চোৰ আটক
১৯ বছৰে বিজেপি শাসনত থকা ৰাজ্যত ৫১ মিনিটৰ ভাষণত মোডীৰ মুখত ৪৪ বাৰ কংগ্ৰেছৰ নাম...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in