মৃতকৰ নামত দালালি ২ সাংবাদিক ভাতৃৰ : আৰক্ষী বিষয়াৰ নামত ধন সংগ্ৰহ কৰি প্ৰৱঞ্চনা

মৃতকৰ নামত দালালি ২ সাংবাদিক ভাতৃৰ : আৰক্ষী বিষয়াৰ নামত ধন সংগ্ৰহ কৰি প্ৰৱঞ্চনা

author-image
Asomiya Pratidin
New Update
মৃতকৰ নামত দালালি ২ সাংবাদিক ভাতৃৰ : আৰক্ষী বিষয়াৰ নামত ধন সংগ্ৰহ কৰি প্ৰৱঞ্চনা

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কচুৱাত সংঘটিত হৈছে এক সমাজক লজ্জিত কৰা ঘটনা। এইবাৰ এজন মৃতকৰ নামত দালালি কৰি আৰক্ষী বিষয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰিছে কচুৱাৰ ২ সাংবাদিক ভাতৃ।

Advertisment

ঘটনাৰ বিৱৰণ অনুসৰি, চলিত বৰ্ষৰ ১২ অক্টোবৰত কচুৱা তিনিআলিত এক দুৰ্ঘটনা সংঘটিত হৈছিল। এএচ ০৫ আৰ ৮৮২০ নম্বৰৰ এখন এলট' বাহনে আলিটাঙনী গাঁৱৰ চামু দেৱনাথ নামৰ এজন যুৱকক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰিছিল। এই দুৰ্ঘটনাৰ ৩দিনৰ পিছত চিকিৎসালয়ত যুৱকজনৰ মৃত্যু হৈছিল।

এই সম্পৰ্কত মৃত যুৱক জনৰ পৰিয়ালে কচুৱা থানাত এক গোচৰ দিছিল। এই গোচৰটো মিমাংসা কৰি দিব বুলি কৈ অভিযুক্ত আব্দুল হাচিমৰ পৰা ২ পৰ্টেল সাংবাদিক ভাতৃ মোজাক্কিৰ আহমেদ আৰু মোস্তুাফা কমালে আঢ়ৈ লাখ টকা নগাঁও জিলা আৰক্ষী অধীক্ষক, চক্ৰ আৰক্ষী বিষয়া আৰু কচুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক মেনেজ কৰাব বুলি কৈ অতি কৌশলৰে প্ৰৱঞ্চনাৰে সংগ্ৰহ কৰে।

পিছত গোচৰটো মিমাংসা নহৈ পঞ্জিয়ন হৈ আদালতৰ মজিয়া পোৱাতহে উৰহি গছৰ উৰ ওলাই পৰে। আব্দুল হাচিমে এই ধন অতি কৌশলৰে প্ৰৱঞ্চনা কৰি লৈ যোৱা বুলি জ্ঞাত হৈ দুয়োজন প্ৰৱঞ্চক ৰূপী সাংবাদিকৰ বিৰুদ্ধে কচুৱা থানাত এক গোচৰ তৰিছে আৰু ন্যায়ৰ বাবে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

Also Read: উত্তৰ পূৰ্বাঞ্চলত নাটনি হ'ব পাৰে ৰন্ধন গেছৰ : ৰন্ধন গেছ কঢ়িওৱা পৰিবহণ সংস্থাৰ ধৰ্মঘট

nagaon