/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/6fc28a95-72fa-414e-b08d-f052dfb3e7ca/8.jpg)
ডিজিটেল সংবাদ,ৰহাঃ ৰহাৰ চাপৰমুখ গাঁও পঞ্চায়ত আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজহুৱা শৌচাগাৰ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ।
বিষয়া,কনিষ্ঠ অভিযন্তা আৰু ঠিকাদাৰৰ বিৰুদ্ধে নিম্ন মানদণ্ডৰ কাম আৰু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাকৈয়ে ধন লুণ্ঠনৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে। জানিব পৰা মতে, আজিও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল ৰহাৰ চাপৰমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত কচুৱা গাঁৱৰ বৰ নামঘৰৰ চৌহদত নিৰ্মিয়মান এটা ৰাজহুৱা শৌচালয়ৰ।
২০২০-২১ বৰ্ষৰ চি এম এচ চি অৰ্থাৎ কমিউনিটি মেনেজমেন্ট চেনিটেৰি কমপ্লেক্স আঁচনিৰ জৰিয়তে কচুৱা গাঁৱৰ বৰ নামঘৰৰ চৌহদত তিনি লক্ষাধিক ধন অনুমোদনেৰে বিগত বৰ্ষৰ মে' মাহত ৰাজহুৱা শৌচালয়ৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল।কিন্তু ৰহস্যজনক কাৰণত আজিও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠিল।
এটা বছৰ পাৰ হৈ যোৱাৰ পিছতো নিৰ্মাণ কাৰ্য আধৰুৱা হৈ ৰোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইয়াৰ উপৰিও ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰ কাম কৰাৰ লগতে শৌচালয় নিৰ্মাণত ব্যৱহৃত বালি আৰু কাঠ ৰাইজৰ পৰা লোৱাৰ অভিযোগ উত্থাপন হৈছে। গতিকে অতি শীঘ্ৰে আধৰুৱা কাম সম্পূৰ্ণ কৰি ৰাইজৰ সুবিধা কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইজে কচুৱাৰ ৰাইজে।
Also Read: বাসুদেৱ থানলৈ নিজ হাতেৰে খোদিত শ্ৰীকৃষ্ণ অৰ্জুনৰ ৰথ আগবঢ়ালে গোপাল কোঁচে