/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/6868f9a5-7c63-4075-9ab2-0035cf49695e/arun_saikia_26.jpg)
গুৱাহাটীৰ ল'জত অসুস্থ হৈ পৰা কংগ্ৰেছ নেতা অৰুন শইকীয়াৰ ৰহস্যজনক মৃত্যু...
ডিজিটেল সংবাদ নগাঁও: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সাধাৰন সম্পাদক অৰুণ শইকীয়াৰ ৰহস্যজনক মৃত্যু হয় ৷ বুধবাৰে নিশা শইকীয়াক গুৱাহাটীৰ এজাইল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষনা কৰে ৷
প্ৰয়াত অৰুন শইকীয়া নগাঁও জিলা কংগ্ৰেছৰো সাধাৰন সম্পাদক আছিল ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰয়াত কংগ্ৰেছ নেতা অঞ্জন দত্ত, সাংসদ গৌৰব গগৈৰে বেছ ঘনিষ্ঠ আছিল শইকীয়া ৷
৬৫ বছৰ বয়সত মৃত্যু হোৱা শইকীয়াৰ ঘৰ ৰাইদঙীয়াত যদিও পিছলৈ নগাঁও চহৰৰ ফৌজদাৰী পট্টিত থাকিবলৈ লৈছিল ৷ জানিব পৰা মতে গুৱাহাটীৰ এখন লজৰ পৰা অসুস্থ অৱস্থাত অৰুন শইকীয়াক এজাইল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷
তেওঁৰ মৃত্যুৰ পাছতে নগাঁৱৰ এম ডি ৰোডৰ প্ৰাঞ্জিত বৰাই হাস্পতাল কৰ্তৃপক্ষৰ পৰা শইকীয়াৰ মৃতদেহ চমজি লৈ নগাঁৱলৈ আনে ৷ বৃহস্পতিবাৰে শইকীয়াৰ মৃতদেহ সৎকাৰ কৰা হয় ৷
Also Read: ব্যক্তিগত, দলীয় স্বাৰ্থত উৰ্ধত গৈ আমি সিদ্ধান্ত ল'ব লাগিব- লুৰিণজ্যোতি গগৈ...