গুৰু জয়ন্তী উপলক্ষে বটদ্রৱা থানৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

গুৰু জয়ন্তী উপলক্ষে বটদ্রৱা থানৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

author-image
Asomiya Pratidin
New Update
গুৰু জয়ন্তী উপলক্ষে বটদ্রৱা থানৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

ডিজিটেল সংবাদ, বটদ্ৰৱা : বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত হৈ পৰিছে বটদ্ৰৱা থান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত গুৰুজনাৰ ৫৭৬ সংখ্যক জন্ম জয়ন্তী উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে।

Advertisment

শনিবাৰৰ পৰা আৰম্ভ হোৱা জন্মজয়ন্তী উপলক্ষে তাল কোবোৱা প্ৰসঙ্গ, মঞ্জীৰা নাম, আইসকলৰ নাম, খোল প্ৰসঙ্গৰ পাছতে আজি বটদ্ৰৱা থানৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হয়। নৰোৱা সত্রৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামীয়ে শুভাৰম্ভ কৰা শোভাযাত্ৰাত মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি, কৃষ্টি, সংস্কৃতি প্ৰতিফলিত হয়।

সৰু বৰ বাহনেৰে আৰম্ভ হোৱা শোভাযাত্ৰাই বটদ্ৰৱা থানৰ জাপি বাঁটচৰাৰ পৰা আৰম্ভ হৈ ভোমোৰাগুৰি, ভেটিয়নী, ৰাইডঙীয়া, জাজৰি, চকলাঘাট, হাতিচোং আদি কুৰিখন গাঁও পৰিভ্ৰমণ কৰি শলগুৰি সত্ৰৰ পথেৰে সামৰণি মৰা হয়। নিশালৈ নাটঘৰত ভাওনা অনুষ্ঠিত হ'ব।

Also Read: আমি পূজা নাচাওঁ, আমি পূজা দেখুৱাওঁ...

বটদ্রৱা গুৰু জয়ন্তী