নাৰিকল উন্নয়ন ব'ৰ্ড আৰু কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত এদিনীয়া কৰ্মশালা

নাৰিকল কৃষি ব্যৱস্থা আৰু মূল্য সংযোজন বিষয়ত এই কৰ্মশালা সম্পন্ন

author-image
Asomiya Pratidin
New Update
নাৰিকল উন্নয়ন ব'ৰ্ড আৰু কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত এদিনীয়া কৰ্মশালা

নাৰিকল উন্নয়ন ব'ৰ্ড আৰু কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত এদিনীয়া কৰ্মশালা

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নাৰিকল উন্নয়ন ব'ৰ্ড আৰু কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত আজি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ সভাগৃহত নাৰিকল কৃষি ব্যৱস্থা আৰু মূল্য সংযোজন বিষয়ৰ এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়।

Advertisment

কৰ্মশালাখনিৰ আৰম্ভণি ভাষণ প্ৰদান কৰি উপস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই কয়, আমাৰ সমাজত অতি প্ৰাচীন কালৰে পৰা খাদ্য হিচাপে আৰু সৌন্দৰ্য চৰ্চাত নাৰিকল ব্যৱহাৰ হৈ আহিছে। অন্য শস্যৰ তুলনাত নাৰিকলৰ খেতি আৰু ইয়াৰ গুৰুত্ব বেছি হোৱাৰ কাৰণ পানী আৰু ফল।

তেওঁ নাৰিকলৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি ইয়াৰ মূল্য সংযোজন কৰিবলৈ উপস্থিত কৃষকসকলক আহ্বান জনায়। অনুষ্ঠানটিত অংশগ্ৰহণ কৰি নগাঁও জিলাৰ কৃষি বিভাগৰ উদ্যান শস্য বিভাগৰ সহকাৰী সঞ্চালক নিখিল নাৰায়ণ বৰুৱাই বিজ্ঞানসন্মত নাৰিকল খেতিৰ দ্বাৰা কৃষকসকলক উপকৃত হ'বলৈ আহ্বান জনায়।

জিলা কৃষি বিভাগৰ সহকাৰী জিলা উন্নয়ন বিষয়া বাবুল শৰ্মা, গুৱাহাটীস্থিত নাৰিকল উন্নয়ন ব'ৰ্ডৰ কৰ্মকৰ্তা কৌশিক দাস, কমল বৈশ্যৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ বিজ্ঞানী, কৰ্মচাৰীসকলৰ উপস্থিতিত অনুষ্ঠিত কৰ্মশালাখনিত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ শতাধিক নাৰিকল খেতিয়কে অংশগ্ৰহণ কৰে।

Also Read: মণিপুৰৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিলে লক্ষ্মণ প্ৰসাদ আচাৰ্যই...

নাৰিকল উন্নয়ন ব'ৰ্ড কৃষি বিজ্ঞান কেন্দ্ৰ