ঈদ উল্ ফিটৰ আৰু ৰঙালী বিহু উপলক্ষে বস্ত্ৰ বিতৰণ

ঈদ উল্ ফিটৰ আৰু ব'হাগ বিহু উপলক্ষে মঙলবাৰে দুখীয়া ৰাইজক নৱ বস্ত্ৰ বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয়

author-image
Asomiya Pratidin
New Update
ঈদ উল্ ফিটৰ আৰু ৰঙালী বিহু উপলক্ষে বস্ত্ৰ বিতৰণ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অৰিয়েন্টেল ৰুৰেল ডেভেলপমেন্ট চচাইটি(oriantal rural development society) আৰু হয়বৰগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত আগন্তুক ঈদ উল্ ফিটৰ আৰু ব'হাগ বিহু উপলক্ষে মঙলবাৰে দুখীয়া ৰাইজক নৱ বস্ত্ৰ বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। নগাঁও চহৰৰ ধিং গেইটৰ মছজিদৰ সন্মুখত অনুষ্ঠিত এই নৱ বস্ত্ৰ বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে মুখ্য উপদেষ্টা ডা০ কামাল হাচানে।

Advertisment

হয়বৰগাঁও প্ৰেছ ক্লাৱৰ সম্পাদক মোস্তাফা কামালে আঁত ধৰা অনুষ্ঠানটিত অৰিয়েন্টেল ৰুৰেল ডেভেলপমেন্ট চচাইটিৰ উপসভাপতি হুজ্জাতুল ইছলাম, সম্পাদক শ্বৰিফুজ জামান, হয়বৰগাঁও প্ৰেছ ক্লাৱৰ সভাপতি দিব্যজ্যোতি বৰুৱা, ভাৰপ্ৰাপ্ত সম্পাদক অবিনাশ বৰা, সাংবাদিক দেৱজিৎ হাজৰিকা, প্ৰাঞ্জল শইকীয়া, গুনেন্দ্ৰ নাথ, এহিয়া আহমেদকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীত নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ তিনি সহস্ৰাধিক গঞা ৰাইজক বস্ত্ৰ বিতৰণ কৰা হয়।

Also Read: লিভ-ইন সম্পৰ্কঃ প্ৰেমিকাক হত্যা কৰি ভৰাই থ'লে আলমাৰীত, আৰক্ষীৰ জালত কুখ্যাত অপৰাধী...