/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/0fb7f84e-5488-4c8c-9d45-4d9a76629010/nagaon_11.jpg)
নগাঁৱত অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰৰ বিৰুদ্ধে চি আই ডিৰ অভিযান...
ডিজিটেল সংবাদ নগাঁও: নগাঁও জিলাত একাংশ লোকে জালিয়াতিৰে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰি চৰকাৰী চাকৰি কৰি থকা বুলি বিগত বৰ্ষৰ মে' মাহতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমৰ সভাপতি সঞ্জীৱ দাসে চি আই ডি আৰু নগাঁৱৰ জিলা আৰক্ষী অধীক্ষকক পৃথকে পৃথকে অভিযোগ দাখিল কৰিছিল। সেই অভিযোগসমূহত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমে নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ ড° কুলেন দাসৰ নামো সন্নিৱিষ্ট কৰি তেওঁৰ বিৰুদ্ধেও জাতিগত প্ৰমাণপত্ৰ জালিয়াতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।
সংগঠনটোৰ তেনে অভিযোগৰ পৰিপ্ৰেক্ষিতত আজি চি আই ডিয়ে নগাঁৱৰ ভিন্ন স্থানৰ লগতে নগাঁও ছোৱালী কলেজতো এক অভিযান চলায়। আজি চি আই ডিৰ পৰিদৰ্শক সঞ্জীৱ দাসৰ নেতৃত্বত এটি দলে নগাঁও ছোৱালী মহাবিদ্যালয়ত উপস্থিত হৈ কলেজখনৰ অধ্যক্ষ কুলেন দাসৰ জাতিগত প্ৰমাণপত্ৰ পৰীক্ষা কৰে। এই ঘটনাই আজি নগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ইপিনে,চি আই ডিৰ অভিযানকাৰী দলটোৱে দাসৰ উপৰিও ভাৰতীয় ষ্টেট বেংক হয়বৰগাঁও শাখাত কৰ্মৰত মামণি ডেকা, অসম কৃষি বিশ্ববিদ্যালয় নগাঁও শাখাৰ কনিষ্ঠ বৈজ্ঞানিক বিদিচা বৰা, বগলজান মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী সম্প্ৰীতি শইকীয়াৰো জাতিগত প্ৰমান পত্ৰ পৰীক্ষা নিৰীক্ষা কৰা বুলি জানিব পৰা গৈছে। আজিৰ এই অভিযানৰ সময়ত সংশ্লিষ্ট স্থানত উপস্থিত থাকে অসম অনুসূচিত জাতি পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি ক্ষিতিশ দাস আৰু অভিযোগকাৰী অনুসূচিত জাতি সংগ্ৰামী পৰিষদ,অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ দাস।
পাছত অসম অনুসূচিত জাতি পৰিষদ অসমৰ নগাঁও জিলা সমিতিৰ সভাপতি ক্ষিতিশ দাসে সাংবাদিকৰ আগত কয়,"নগাঁও জিলাত বহুতো অনা অনুসূচিত জাতিৰ লোকে জালিয়াতিৰে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লৈ ব্যৱসায় আৰু চৰকাৰী চাকৰি কৰি আছে। আমি সেইবোৰ অভিযোগ বহু দিনৰ পৰাই পাই আছো। তাতে নগাঁও গাৰ্লছ কলেজৰ অধ্যক্ষৰ কথাও আছিল। তেওঁৰ বিৰুদ্ধেও অভিযোগ আহিল।আমি সেয়ে কাগজ পত্ৰ বিলাক চাইছো।চি আই ডিয়েও চাইছে। আমি নগাঁৱৰ য'ত য'ত অভিযোগ পাইছো তাতেই অভিযান চলাইছো।অভিযোগসমূহ প্ৰমাণ হ'লে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যবস্থা লোৱাৰ বাবে আমি লিখিম। যাৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপিত হৈছে তেওঁ লোকে পূৰ্ব পূৰুষৰ জাতিগত প্ৰমাণপত্ৰ দেখুৱাব লাগিব।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/d86b1388-d8e9-4ebc-9f7c-51635edf5085/8e37655b_dc80_4dd7_ac3c_c0d9751d2c66.jpg)
নগাঁৱত আঠ গৰাকী লোকৰ বিৰুদ্ধে জাতিগত প্ৰমাণপত্ৰ জালিয়াতিৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বুলিও তেওঁ সদৰি কৰে।
Also Read: শান্তিৰ বাণী বিলাই অযোধ্যাৰ ৰাম মন্দিৰলৈ পদযাত্ৰা ঘিলামৰাৰ জিন্টু বৰুৱাৰ...