শিশু দিৱসৰ বিপৰীত ছবি : নগাঁৱৰ পশ্চিমাঞ্চলত বৃদ্ধি পাইছে শিশু শ্ৰমিক

শিশু দিৱসৰ বিপৰীত ছবি : নগাঁৱৰ পশ্চিমাঞ্চলত বৃদ্ধি পাইছে শিশু শ্ৰমিক

ডিজিটেল সংবাদ, বটদ্ৰৱা: যি সময়ত দেশৰ ভৱিষ্যৎ কন কন শিশুক লৈ চৰকাৰী, বেচৰকাৰী সংস্থাসমূহে শিশু দিৱস পালন কৰিছে সেই সময়তে নগাঁও জিলাৰ পশ্চিমাঞ্চলত এজাক শিশুৱে হাড় ভঙা পৰিশ্ৰম কৰি পেটৰ ভাত মোকলাব লগিয়া হৈছে। এমুঠি অন্নৰ বাবে এই সকল শিশু শ্ৰমিকে হোটেল, গেৰেজ, বৰফ ফেক্টৰী আৰু লোকৰ ঘৰত বনুৱা হৈ দিন অতিবাহিত কৰা পৰিলক্ষিত হৈছে।

জিলাখনৰ বটদ্ৰৱাৰ শান্তিজান বজাৰ, ডুমডুমীয়া বজাৰ, কদমনি বজাৰ, ধূপগুৰি বজাৰ, কটহগুৰি বজাৰ, বড়ি বজাৰ, ধনীয়াভেটি নতুন বজাৰ, বজাৰ বৰলীমাৰী বজাৰ, কান্ধুলিমাৰী বজাৰ, ধিং গাঁও মিশ্বন মাৰ্কেট, ভকতগাওঁ, চলচলি আদি ঠাইৰ মাছৰ পাইকাৰী ব্যবসায় প্ৰতিষ্ঠান, হোটেল, চাহৰ দোকান, বৰফ ফেক্টৰী, আৰু দুৰ্ভাগ্যজনক ভাৱে বটদ্ৰৱা, ৰাইডঙীয়া, ভোমোৰাগুৰি, ভেটিয়নী আদি গাঁৱৰ একাংশ চহকী তথা সমাজৰ শীৰ্ষস্থানীয় লোকৰ ঘৰত বনুৱা হৈ শ শ শিশুৰ নিজৰ সোণালী শৈশৱ ধ্বংস হোৱাৰ দুখলগা দৃশ্য দেখিবলৈ পোৱা গৈছে।

মন কৰিবলগীয়া যে, শিশু শ্ৰমিক আইন ১৯৮৬ অনুসৰি, শিশুক শ্ৰমত খটুওৱাটো অপৰাধ। শিশুক কামত নিয়োগ কৰা জনৰ জেল পৰ্যন্ত হ'ব পাৰে। শিশুক শ্ৰমত নিয়োগ কৰাৰ ক্ষেত্ৰত এনে আইন থকাৰ পাছতো কাম কৰিবলৈ বাধ্য কৰোৱা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই নগাঁও জিলাৰ পশ্চিমাঞ্চলত শিশুৰ বঞ্চনা আজিও অব্যাহত আছে ।

কেন্দ্ৰীয় চৰকাৰে ৬ বছৰ বয়সৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুৰ বাবে প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক আৰু মৌলিক অধিকাৰ হিচাপে গ্ৰহণ কৰিছে যদিও সম্প্ৰতি বৃহত্তৰ অঞ্চলটোৰ এচাম অসাধু লোকে নামমাত্ৰ পাৰিশ্ৰমিক দি শিশুক কৰ্মত নিয়োজিত কৰি আহিছে। যাৰ ফলত দিনক দিনে শিশু শ্ৰমিক হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পাই আহিছে। এই শিশু শ্ৰমিকসকলৰ একাংশই নিজৰ লগতে পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ আন লোকৰ ভৰণ পোষণৰ দ্বায়িত্ব বহন কৰি আহিছে।

ৰাজ্য খনৰ শিক্ষা, সমাজ কল্যাণ বিভাগে শিশুৰ শিক্ষাৰ গুনগত মান উন্নয়নৰ বাবে কোটি কোটি টকা ব্যয় কৰি প্ৰচাৰ, বিজ্ঞাপন চলাই আহিছে যদিও জিলা খনৰ পশ্চিমাঞ্চলৰ বহু শিশু সা-সুবিধাৰ পৰা বঞ্চিত হৈ এনেদৰে জীৱন জীৱিকাৰ তাড়নাত নামিব লগিয়া হৈছে। সময় থাকোতেই যদি চৰকাৰ, প্ৰশাসন কঠোৰ নহয় অথবা শিশু শ্ৰমিক আইন কঠোৰ ভাবে প্ৰয়োগ নকৰে তেন্তে শিশু শ্ৰমিক ৰোধ কৰিবলৈ সক্ষম নহ'ব। এই ক্ষেত্ৰত প্ৰশাসন, জনপ্ৰতিনিধয়ে এক দৃঢ় পদক্ষেপ গ্ৰহণ কৰি শিশু শ্ৰম বিৰোধী আইন বলবৎ কৰি শিশুক সুৰক্ষা প্ৰদান কৰিবলৈ দাবী জনাইছে দল সংগঠন আৰু সচেতন মহলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in