/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/aba7572a-62a8-4acd-a1ca-2e8659a034bc/Batadrawa.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ চকলাঘাট হাতীচোং সঞ্জীৱনী সংস্কৃত টোল প্ৰাংগনত শুকুৰবাৰৰে পৰা বিশ্বশান্তিৰ কামনাৰে কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজ হাতীচোং বৈদিক চচা কেন্দ্ৰৰ উদ্যোগত তিনিদিনীয়াকৈ শ্ৰীশ্ৰী মহাবিষ্ণুযজ্ঞ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f9f26be6-4046-4909-b46e-951723007f28/d746bbe1_e088_4726_ab48_1c604554d002.jpg)
কাৰ্যসূচী শুভাৰম্ভৰ আগমুহূৰ্তত যজ্ঞৰ ধৰ্মধ্বজা উত্তোলন কৰে বৈদিক-চৰ্চা কেন্দ্ৰৰ সভাপতি ত্ৰৈলোক্য ভট্টাচাৰ্যয়ে। আনহাতে বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন অধ্যক্ষ বিপুল কটকীয়ে। চকলাঘাট হাতীচোং সঞ্জীৱনী সংস্কৃত টোলৰ ভূমি দাতা শশী কান্ত আগমাচায্যৰ পবিত্ৰ স্মৃতিত আবক্ষমূৰ্তি শুভ উন্মোচন কৰে প্ৰাক্তন বিধায়ক গিৰিন্দ কুমাৰ বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/0164f02d-0b1f-4096-9794-19af01488a8e/07d0eba2_5a31_458d_9bf7_5f8321104e26.jpg)
উদযাপন সমিতিৰ সম্পাদক নিপন শৰ্মাই আঁত ধৰা কাৰ্যসূচীত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ উপস্থিত থাকে। তিনিদিনীয়াকৈ আয়োজন কৰা মহাবিষ্ণুযজ্ঞ কাৰ্যসূচী শুভাৰম্ভ কৰি তিনিদিনীয়াকৈ আয়োজন কৰা এই মহাবিষ্ণুযজ্ঞত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।
Also Read: মেট্ৰ' যাত্ৰাত নিব পাৰিব সুৰা; স্পষ্ট কৰিলে দিল্লী মেট্ৰ' কৰ্তৃপক্ষই...