/asomiyapratidin/media/media_files/2025/05/17/kHzszMs4WPj8HbP8lUcg.jpg)
ডিজিটেল সংবাদ, নগাঁও: ১৭মে' ২০২৫, শনিবাৰে ত ভাৰত চৰকাৰৰ পঞ্চায়ত আৰু কৃষি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে নগাঁও জিলাৰ চামগুৰিৰ ভেলেউগুৰিস্থিত "কুঁহি টি বাৰত" উপস্থিত হৈ জিলাখনৰ প্ৰায় ৫০গৰাকী লাখপতি আৰু মহালাখপতি বাইদেউৰ লগত বাৰ্তালাপ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উক্ত অনুষ্ঠানতে NRLM গোটৰ মহিলাসকলে নিজকে কিদৰে স্বাৱলম্বী কৰি তুলিছে আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কি কি সুবিধা লাভ কৰিছে সেই সন্দৰ্ভতো মহিলাসকলৰ লগত বাৰ্তালাপ কৰে।
তাৰোপৰি তেওঁ NRLM গোটৰ মহিলাসকলে নিজেই উৎপাদন কৰা সামগ্ৰীসমূহো পৰ্যবেক্ষণ কৰে। মন্ত্রীগৰাকীয়ে NRLM গোটৰ কামত সন্তুষ্টি প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই NRLM গোট আৰু আত্মসহায়ক গোটসমূহৰ বাবে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিসমূহৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
লগতে তেখেতে উল্লেখ কৰে যে, আমাৰ মূল উদ্দেশ্য হ’ব লাগে কিদৰে আমি লাখপতি দিদিসকলক মহালাখপতি দিদি কৰি গঢ়ি তুলিব পাৰো, আৰু ইয়াৰ বাবে সকলো মহিলাকে আত্মসহায়ক গোটৰ লগত জড়িত হ’বৰ বাবে আহ্বান জনায়।
আজিৰ এই অনুষ্ঠানত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়াকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।