জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশন

জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশন

author-image
Asomiya Pratidin
New Update
জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশন

ডিজিটেল সংবাদ, নগাঁও: শনিবাৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিবেশনৰ দ্বিতীয় দিন। বাৰেৰহনীয়া সংস্কৃতিয়ে শোভা বৃদ্ধি কৰিলে নগাঁও চহৰৰ। কলঙৰ বাকৰিৰ পৰা বাহিৰ কৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰাত ৰাজ্যৰ কৃষ্টি , সংস্কৃতি, ৰাজ্যৰ জলন্ত সমস্যা আদি সন্নিবিষ্ট কৰি বেচ আকৰ্ষনীয় কৰি তোলা হয়।

Advertisment

জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মধ্যকালীন অধিবেশন উপলক্ষে শনিবাৰে বাহিৰ কৰা হয় সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা । নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই আনুষ্ঠানিক ভাবে সাংস্কৃতিক শোভাযাত্ৰাটি উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সাংবাদিক পৰাগমণি আদিত্য উপস্থিত থাকে। এই উদ্বোধনী অনুষ্ঠানতেই বিশিষ্ট সাংবাদিকগৰাকীকো সম্বৰ্ধনা জনোৱা হয়। শোভাযাত্ৰাটি উদ্বোধন কৰি আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই অধিৱেশনখনি সফল হোৱাৰ কামনা কৰে।

শোভাযাত্ৰাত সংগঠনটিৰ কেন্দ্ৰীয় নেতা পলাশ চাংমাই, ৰাতুল বৰগোহাই, ৰানা প্ৰতাপ বৰুৱাৰ লগতে কন্ঠ শিল্পী ভ্ৰান্তি মেধি আদিয়ে অংশ গ্ৰহন কৰে। শোভাযাত্ৰাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জিলা, শাখা সমিতিসমূহকে ধৰি প্ৰায় তিনি সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰে। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশন খনিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি শোভাযাত্ৰাৰ পিছতে প্ৰতিনিধি সভাৰ দ্বিতীয় বৈঠকখনি অনুষ্ঠিত হয় ।

Also Read: বোকাখাত জাতীয় বিদ্যালয়ত "ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰীতি সন্মিলন"

asom jatiyatabadi yuba chatra parishad