
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বছৰত এটা মাত্ৰ পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে ছেবা। শেহতীয়াকৈ মেট্ৰিক পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ভাইৰেল হৈ পৰাই এই কথাৰে উদাহৰণ ৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত বহাৰ পূৰ্বেই হতাশ হ’ব লগা হ’ল ৷
পুনৰ মাজনিশা হঠাৎ বাতিল কৰা হল বিজ্ঞান বিষয়ৰ পৰীক্ষা। বাতিলৰ খবৰ নোপোৱাত পৰীক্ষা দিবলৈ পৰীক্ষা কেন্দ্ৰলৈ আহি উভতি গল গাঁৱৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকল। মেট্ৰিক পৰীক্ষা বাতিলক কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰীৰ আৰু অভিভাৱকৰ সকলো ক্ষুন্ন হৈ পৰিছে। বাৰেপতি হৈ থকা ভুলৰ পৰিনতিত ছাত্ৰ ছাত্ৰী আশাহত হ’বলগীয়া পৰিস্থিতি সৃষ্টি হৈছে। ছেৱাৰ এই কাৰ্য্যত হতাশ সকলো।
শিক্ষামন্ত্ৰীয়ে নিজৰ দোষ স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে বুলি দাবী তুলিলে অভিভাৱকে। ৰাজ্যৰ অন্যপ্ৰান্তৰ লগতে নগাঁও জিলাৰ পশ্চিমপ্ৰান্তৰ আলিটাঙনি ওচমানিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ আহি উভতি গ’ল ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল।