নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চুৰিকাণ্ড...

নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চুৰিকাণ্ড...

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চুৰিকাণ্ড...

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁৱত সঘনাই সংঘটিত হৈ আছে চুৰিকাণ্ডৰ ঘটনা। বিশেষকৈ নগাঁও চহৰত চোৰৰ উপদ্ৰৱ বৃদ্ধি হোৱাত চিন্তিত হৈছে নাগৰিক সমাজ। শুকুৰবাৰে নিশা নগাঁও চহৰৰ এখন আগশাৰীৰ চৰকাৰী চিকিৎসালয়ত চুৰিকাণ্ড সংঘটিত হোৱাত সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত শুকুৰবাৰে নিশা চোৰৰ দলে চাফাই অভিযান চলাই। জানিব পৰামতে চিকিৎসালয়খনৰ অএছটি চেণ্টাৰত চোৰৰ দলে চুৰিকাণ্ড সংঘটিত কৰে।

চোৰৰ দলে প্ৰায় ৬হাজাৰ টকাৰ ঔষধৰ সামগ্ৰীৰ লগতে এটা কম্পিউটাৰ চুৰি কৰি লৈ যায়। চিকিৎসালয়খনত আৰক্ষী পহৰা চকী থকাৰ পিছতো কেনেকৈ চুৰিকাণ্ড সংঘটিত হল সেয়া ৰহস্যৰ আৱৰ্তত। চিকিৎসালয়খনত চি চি কেমেৰা থকাৰ পিছটো সংঘটিত হয় এনে ঘটনা। উল্লেখ যে ইয়াৰ পূৰ্বেও এই চিকিৎসালয়খনত চুৰিকাণ্ড সংঘটিত হৈছিল।

Also Read: সাংবাদিকৰ ক্ষেত্ৰত সমাজ উদাসীন হ'ব নালাগেঃ গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিক সীমান্ত ভাগৱতী সোঁৱৰণী বক্তৃতানুষ্ঠান...