সাংবাদিকৰ ক্ষেত্ৰত সমাজ উদাসীন হ'ব নালাগেঃ গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিক সীমান্ত ভাগৱতী সোঁৱৰণী বক্তৃতানুষ্ঠান...

সাংবাদিকৰ ক্ষেত্ৰত সমাজ উদাসীন হ'ব নালাগেঃ গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিক সীমান্ত ভাগৱতী সোঁৱৰণী বক্তৃতানুষ্ঠান...

ডিজিটেল সংবাদ, গুৱাহাটীঃ ‘সমাজৰ এটা গুৰুতৰ সমস্যাক লৈ যদি এখন প্ৰতিবেদন প্ৰস্তুত কৰা হয়, তেন্তে তাত দৰ্শকৰ সংখ্যা নিচেই তাকৰ।  কিন্তু কোনো অভিনেত্ৰীয়ে কি কাপোৰ পিন্ধিছে, তাক লৈ যদি এটা বাতৰি কৰা হয়, তাত কিন্তু দৰ্শকৰ সংখ্যা লাখৰ ঘৰত হয়।‘- শনিবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এখনি বক্তৃতানুষ্ঠানত বক্তব্যৰ প্ৰসংগত এইদৰে কয় অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই।

ৰাজ্যৰ এগৰাকী উল্লেখযোগ্য ক্ৰীড়া সাংবাদিক প্ৰয়াত সীমান্ত ভাগৱতী সোঁৱৰণত পথাৰ প্ৰকাশন আৰু সংবাদিকগৰাকীৰ পৰিয়ালে আয়োজন কৰিছিল এই গুৰুত্বপূৰ্ণ বক্তৃতানুষ্ঠানখনি। মুখ্য বক্তা হিচাপে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড০ সমুদ্ৰগুপ্ত কাশ্যপৰ লগতে উপস্থিত আছিল অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক তথা বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত।

উল্লেখ কৰা প্ৰয়োজন যে,  ১৯৮৮চনত দ্যা আসাম ট্ৰিবিউনত উপ সম্পাদক হিচাপে যোগদান কৰাৰ পিছত মুখ্যাত ক্ৰীড়া সাংবাদিক হিচাপে সুদীৰ্ঘ ৩০বছৰ কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত সীমান্ত ভাগৱতীয়ে জাৰ্মানীৰ বাৰ্লিন চহৰত অৱস্থিত ইন্টাৰনেচনেল স্কুল অৱ জাৰ্নেলিজিমত সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰিছিল। জে বি আইন মহাবিদ্যালয়ৰ পৰাও আইনৰ স্নাতক ডিগ্ৰী লোৱা ভাগৱতী আছিল এগৰাকী সুদক্ষ টেনিছ খেলুৱৈও। ২০১৮চনত মৃত্যু হোৱা সংবাদিকগৰাকীৰ সোঁৱৰণত শনিবাৰে অনুষ্ঠিত হোৱা এই বক্তৃতানুষ্ঠানখনিৰ বিষয় আছিল- সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ ভূমিকা আৰু বিশ্বাসযোগ্যতা।

বক্তৃতা আৰম্ভণিতে সীমান্ত ভাগৱতীৰ শৈশৱ আৰু ব্যক্তিত্বৰ বিষয়ে কিছু আলোকপাত কৰে ড০ সমুদ্ৰগুপ্ত কাশ্যপে। আত্মীয় হিচাপে কিছু ওচৰৰ পৰা পোৱা সীমান্ত ভাগৱতীৰ আকস্মিক মৃত্যু এতিয়াও বিশ্বাস নহয় বুলি কয় কাশ্যপে। সাম্প্ৰতিক সময়ৰ সংবাদ মাধ্যমৰ ভূমিকা আৰু বিশ্বাসযোগ্যতাক লৈ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যগৰাকীয়ে কয়- এখন সুস্থ-সবল সমাজ গঢ়াৰ ক্ষেত্ৰত সংবাদমাধ্যম তথা গণমাধ্যমৰ ভূমিকা সদায়েই অপৰিসীম। প্ৰাচীন কালৰে পৰাই ইয়াৰ গ্ৰহণযোগ্যতা আছে আৰু ভৱিষ্যতকাললৈ থাকিব। যেতিয়া কোনো ভাষা প্ৰচলন নাছিল তেতিয়াও কোনো সাংকেতিক চিহ্ন নাইবা আকাৰে-ইংগিতে মানুহৰ মাজলৈ বহু কথ বিয়পি কৰিছিল। এই প্ৰক্ৰিয়া তেনেকৈয়ে বৰ্তি আছে সময়ৰ লগে লগে এই মাধ্যম কিছু সলনি হৈছে। ‘

সাধাৰণ ৰাইজৰ দৃষ্টিত সংবাদমাধ্যমৰ গ্ৰহণযোগ্যতা বৰ্তাই ৰাখিবলৈ ৰাজনৈতিক মেৰপেচৰ পৰা সংবাদমাধ্যম আঁতৰত থাকিব লাগে বুলি কয় আচাৰ্যগৰাকীয়ে। এগৰাকী ৰাজনৈতিক নেতাই কি খালে, কি কৰিলে আদি বিষয়বোৰতকৈ সাধাৰণ ৰাইজৰ, সমাজৰ সমস্যাবোৰ সংবাদমাধ্যমত স্থান পালেহে ইয়াৰ গ্ৰহণযোগ্যতা বৃদ্ধি পায় বুলি সদৰি কৰে তেওঁ। ডঃ কাশ্যপে লগতে কয়-  এটা সংবাদ পত্ৰৰ প্ৰচলন আৰু এটা চেনেলৰ টি আৰ পিয়ে জনপ্ৰিয়তাক হে সূচায়, গ্ৰহণযোগ্যতাক নুসূচায়।

আনফালে সংবাদমাধ্যমৰ গ্ৰহণযোগ্যতাক লৈ আন এক গুৰুতৰ বিষয় নিজৰ বক্তৃতাত দাঙি ধৰে ড০ সমুদ্ৰ গুপ্ত কাশ্যপে। সাম্প্ৰতিক সময়ত একাংশই চেল্ফী সাংবাদিকতাক অধিক গুৰুত্ব দিয়াৰ বাবে সাংবাদিকতাৰ মান যথেষ্ট হ্ৰাস পাইছে বুলি আক্ষেপ প্ৰকাশ কৰে তেওঁ। তেওঁ কয়- আজি সময়ত একাংশই মূল সমস্যা দাঙি ধৰাতকৈ স্কীণত কেনেকৈ, কি প্ৰকাৰে ওলাব পাৰি তাৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে। যাৰ ফলত বাতৰিৰ আঁৰৰ প্ৰকৃত বাতৰি ৰাইজৰ আগত ধৰা দিয়াত কিছু ব্যাঘাত জন্মে। বহুসময়ত ৰাজনৈতিক ডাঙৰ খবৰৰ মাজতো সমাজত প্ৰভাৱিত কৰিব পৰা আনুসংগিক খবৰত সাংবাদিকে গুৰুত্ব দিলে সাংবাদিকতাৰ মান বাঢ়ে বুলি উল্লেখ কৰে ড০ সমুদ্ৰ গুপ্ত কাশ্যপে।

ইফালে বিষয়টোৰ সন্দৰ্ভত বক্ততা দাঙি ধৰি বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই কয় যে, সমাজৰ বিভিন্ন সমস্যাক পোহৰলৈ অনা এগৰাকী সংবাদিকৰ ক্ষেত্ৰত সমাজখন যদি উদাসীন হয়, তেন্তে তেনে সমাজত এগৰাকী সাংবাদিকে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয়।‘ ৩০বছৰীয়া সাংবাদিকতা জীৱনৰ নিজৰ কিছু ব্যক্তিগত অভিজ্ঞতাৰ কথাও বক্তব্যৰ প্ৰসংগত উল্লেখ কৰে মহন্তই।

বিশিষ্ট সাংবাদিকগৰাকীয়ে লগতে কয়- ‘সমস্যাৰে জৰ্জৰিত সাম্প্ৰতিক সমাজতখনৰ অধিক সংখ্যক লোকেই আজৰি সময়ত মনোৰঞ্জনৰ মাধ্যম হিচাপেহে সংবাদ মাধ্যমক ব্যৱহাৰ কৰে। এয়া অপ্ৰিয় হলেও কিন্তু সচাঁ কথা। কিয়নো আজৰি সময়ত সকলোৱে কিছু মানসিক শান্তি কামনা কৰে। ডিজিটেল নাইবা টেলিভিশ্যন চেনেলত এনে হলেও বাতৰি কাকতৰ ক্ষেত্ৰত কিন্তু এনে সস্তীয়া বাতৰিৰ গুৰুত্ব যথেষ্ট কম।

আনহাতে সাম্প্ৰতিক সময়ৰ কথা ক’বলৈ গৈ সংবাদিক মহন্তই কয়- সাম্প্ৰতিক সময়ৰ সাংবাদিকৰ ভূমিকা বুলি কলে কেৱল ৰাজনৈতিক বিষয়বোৰতে সীমাৱদ্ধ হৈ থকাটো নুবুজায়। মই মোৰ ৩০বছৰীয়া কৰ্মজীৱনত মাত্ৰ ৪বাৰ দিছপুৰলৈ গৈছো। কিন্তু দিছপুৰলৈ নগলেও মোৰ ওচৰত ৰাজনৈতিক খবৰৰ কেতিয়াও অভাৱ হোৱা নাই।  ৰাজনৈতিক বিষয়বোৰৰ উপৰিও সমাজখনৰ বিভিন্ন সমস্যাক লৈ সচেতন হৈ কাম কৰিব লাগিব। জনস্বাস্থ্য বিষয়ক গুৰুতৰ সমস্যাবোৰক লৈ সচেতনতা বৃদ্ধিৰ পোষকতা কৰে অসমীয়া প্ৰতিদিনৰ সহকাৰী সম্পাদকগৰাকীয়ে।

বাতৰি কাকতৰ পৰা আদি কৰি ডিজিটেল মিডিয়াৰ লৈকে সকলো প্ৰসংগ সামৰি লোৱা মহন্তৰ ব্যক্তব্যত ডিজিটেল মাধ্যমৰ ক্ৰুটি আৰু ইয়াৰ সম্ভাৱনাৰ বিষয়টোও বক্তব্যত উল্লেখ কৰে। অসমৰ সাংবাদিকতা আৰু সাংবাদিকৰ বিশ্বাসযোগ্যতাৰ কথা কবলৈ গৈ মহন্তই কয় যে- অসমৰ সাংবাদিকতাত আজিও বিশ্বাসযোগ্যাতা আছে, মই আশাবাদী। মাত্ৰ আমি কিছু সচেতন হোৱাৰ প্ৰয়োজন আছে।

অসমৰ সাংবাদিকতাৰ বিশ্বাসযোগ্যতাৰ সন্দৰ্ভত ড০ সমুদ্ৰ গুপ্ত কাশ্যপৰ কথা উল্লেখ কৰি মহন্তই কয়- অসমৰ এগৰাকী সাংবাদিকে ৰাজ্যিক তথ্য আয়ুক্তৰ দৰে গুৰুত্বপূৰ্ণ পদবীৰ লগতে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ পদত যিদৰে অধিষ্ঠিত হৈছে ঠিক তেনেদৰে এখন বিশ্ববিদ্যালয়ক উপাধ্যক্ষৰ পদবী এৰি এগৰাকী বিশিষ্ট শিক্ষাবিদে এখন কাততৰ সম্পাদকৰ দায়িত্ব লৈছে। এনেবোৰ কথাৰ পৰাই প্ৰমাণ হয় যে, সাংবাদিকতাৰ বিশ্বাসযোগ্যতা আৰু ভূমিকাক আজিও মানুহে কিমান উচ্চ স্থানত ৰাখে।‘

গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটি বন্তি প্ৰজ্বলেনেৰে শুভাৰম্ভ কৰে সীমান্ত ভাগৱতীৰ মাতৃ চাৰুবালা ভাগৱতীয়ে। প্ৰয়াত সংবাদিকগৰাকীৰ সহধৰ্মিনী বনশ্ৰী ভাগৱতীয়েও স্বামীৰ ব্যক্তিত্ব আলোকপাত কৰে অনুষ্ঠানটিত। এই অনুষ্ঠানটিত সংবাদিকতা ক্ষেত্ৰখনৰ সৈতে জড়িত ৪গৰাকী ব্যক্তিকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in