বিশিষ্ট শিক্ষাবিদ বুদ্ধি নাথ কলিতাৰ দেহাৱসান...

শনিবাৰে নাম পানী গাঁৱৰ বাসভৱনত বিয়লি ৪:৫২ বজাত পৰলোকপ্ৰাপ্তি ঘটে বিশিষ্ট শিক্ষাবিদ গৰাকীৰ। জানিব পৰা মতে, মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নগাঁওঃ   পুৰনিগুদামৰ বিশিষ্ট শিক্ষাবিদ তথা শিল্পী সাহিত্যিক বুদ্ধি নাথ কলিতাৰ দেহাৱসান ৷ শনিবাৰে নাম পানী গাঁৱৰ বাসভৱনত বিয়লি ৪:৫২ বজাত পৰলোকপ্ৰাপ্তি ঘটে বিশিষ্ট শিক্ষাবিদ গৰাকীৰ। জানিব পৰা মতে, মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ ।

উল্লেখযোগ্য যে,প্ৰয়াত বুদ্ধি নাথ কলিতা এগৰাকী দক্ষ অভিনেতাও আছিল ৷ মৃত্যুৰ সময়ত কলিতাই দুই পুত্ৰ, এগৰাকী কন্যা, দুই বোৱাৰীক ইহ সংসাৰত এৰি থৈ যায় ৷ বুদ্ধি নাথ কলিতাৰ মৃত্যুৰ পাছতে সমগ্ৰ পুৰনিগুদাম অঞ্চলত শোকৰ ছাঁ পৰিলক্ষিত হৈছে। ৷

নগাঁও