/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/0bcf57dd-9276-4940-b3e2-927633dacc2e/BSF.jpg)
ডিজিটেল সংবাদ, নগাঁও : পাৰিবাৰিক অশান্তিৰ বাৰে কামপুৰৰ ভলভলীয়া গাঁৱত চাঞ্চল্যকৰ ঘটনা। এজন যুৱকে বাছি ল'লে আত্মহত্যা পথ । যুৱকজনৰ নাম সঞ্জীৱ লস্কৰ ।
উল্লেখ্য যে, বি এচ এফত কৰ্মৰত আছিল সঞ্জীৱ লস্কৰ ।দীৰ্ঘদিন ধৰি পৰিবাৰ চুইটি ৰাজা লস্কৰৰ লগত পাৰাবাৰিক সংঘাত চলি অহাৰ অভিযোগ পৰিয়ালৰ লোকৰ।স্বামী সঞ্জীৱৰ পৰা দীঘদিন আঁতৰি নগাঁৱৰ জাজৰিৰ মাতৃগৃহত আশ্ৰয় লৈ থকাৰ অভিযোগ পত্নীৰ বিৰুদ্ধে ।
১৫ বছৰৰ আগতে বিবাহপাশত আৱদ্ধ হোৱা সঞ্জীৱ এটা সন্তানৰ পিতৃ। ঘটনা স্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
Also Read: আজি তাঁতৰ বিহু : গাঁৱৰ বোৱাৰী-জীয়ৰিয়ে পালন কৰিছে এই বিহু...