
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ (এজবেক)ৰ নীতি নিৰ্দেশনাৰ আধাৰত পৰিচালিত নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ দ্বাৰা জিলা ভিত্তিত জাতীয় বিদ্যালয়ৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত হ’য় ৷ দেওবাৰে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ২০২২-২৩ বৰ্ষৰ বৃত্তি পৰীক্ষা সকলমে অনুষ্ঠিত হৈ যায় ৷
মুঠ ৪টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ’য়৷ আজি অনুষ্ঠিত জিলাৰখনৰ ৩৮ খন জাতীয় বিদ্যালয়ৰ পৰা দুয়োটা শ্ৰেণীৰ মুঠ ৪২৬ গৰাকী পৰীক্ষাৰ্থী মেধা বাচনি পৰীক্ষাত অবতীৰ্ণ হয় বুলি জানিবলৈ দিয়ে সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক ছফিকুল ইছলামে ।লগতে তেখেতে পৰীক্ষা কেন্দ্ৰসমূহৰ দায়িত্ব অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰীৰ তত্বাৱধানত পৰিচালিত হয় বুলি জানিবলৈ দিয়ে ।
মাহবুবুৰ ৰহমানে মডাৰ্ণ জাতীয় বিদ্যালয় (নগাঁও), গিৰিশ বৰুৱাই সতী ৰাধিকা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় (বটদ্ৰৱা), ছফিকুল ইছলামে হাজী ফাত্তাহ একাডেমী (কচুৱা) আৰু আঃ আওৱালে লটানি চাপৰি জাতীয় বিদ্যালয় (চামগুৰি) ৰ কেন্দ্ৰ পৰিচালক হিচাপে উপস্থিত থাকি পৰীক্ষাসমূহ পৰিচালিত কৰে। আজি অনুষ্ঠিত এনে পৰীক্ষাই ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃত মেধাৱী জ্ঞান পোহৰলৈ আনিব পাৰিব বুলি অভিভাৱকসকলে মন্তব্য কৰে ৷ পৰীক্ষাৰ প্ৰশ্ন প্ৰস্তুত কৰাৰে পৰা আৰম্ভ কৰি পৰীক্ষা সম্বন্ধীয় যাবতীয় কাম-কাজ নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ হৈ পৰীক্ষা নিয়ন্ত্ৰণ কৰে ক্ৰমে দিলীপ বৰা আৰু সুনীল বৰাই।