কলেজ অৱ এডুকেচন,নগাঁৱৰ উদ্যোগত গ্ৰন্থ উন্মোচন...

কলেজ অৱ এডুকেচন,নগাঁৱৰ উদ্যোগত গ্ৰন্থ উন্মোচন...

author-image
Asomiya Pratidin
New Update
কলেজ অৱ এডুকেচন,নগাঁৱৰ উদ্যোগত গ্ৰন্থ  উন্মোচন...

ডিজিটেল সংবাদ, বেবেজীয়াঃ কলেজ অৱ এডুকেশ্বন, নগাঁৱৰ উদ্যোগত ৬এপ্ৰিলত এখনি গ্ৰন্থ উন্মোচন সভাৰ অনুষ্ঠিত হয়। উক্ত সভাখনিত সভাপতিৰ আসন অধিষ্ঠিত কৰে কলেজ পৰিচালনা সমিতিৰ সভাপতি আলোক গোস্বামীদেৱে। আদৰণি ভাষণ প্ৰদান কৰে কলেজ অৱ এডুকেশ্বন নগাঁওৰ অধ্যক্ষ ড০ মানশিখা বৰুৱাই।

Advertisment

উক্ত সভাখনত ড০ মানশিখা বৰুৱা আৰু ড০ শেৱালি বৰাৰ যৌথ সম্পাদনাত "Research Trends in Education Vol. 2" আৰু কলেজ অৱ এডুকেশ্বন নগাঁৱৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন প্ৰবক্তা আৰু বৰ্তমান জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিমা হাছাওৰ প্ৰবক্তা স্মৃতিজ্যোতি গোস্বামীৰ " Teacher Education " শীৰ্ষক এই দুখনি গ্ৰন্থ উন্মোচন কৰা হয়।

গ্ৰন্থ দুখনি উন্মোচন কৰে ড০ দিব্যজ্যোতি মহন্তই গ্ৰন্থখন দুখনি উন্মোচন কৰি তেখেতে উক্ত গ্ৰন্থ দুখনিৰ ওপৰত এক সুন্দৰ আলোকপাত আগবঢ়ায় লগতে আগলৈও এনেধৰণৰ গ্ৰন্থ সমাজলৈ আগবঢ়াবলৈ সকলোকে আহ্বান জনায়। উক্ত সভাখনিত কলেজৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, প্ৰশিক্ষাৰ্থীসকলৰ লগতে প্ৰাক্তন প্ৰশিক্ষাৰ্থীসকলো উপস্থিত থাকে। এক গাম্ভীৰ্যপূৰ্ণ সমাৱেশত উক্ত সভাখন সমাপ্ত হয়।

Also Read: দৰঙত নিৰ্বাচন পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা...

nagaon college of efucation book published