/asomiyapratidin/media/media_files/2025/02/04/xeCnGDhK1rBQtLFhx8EK.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ প্ৰজ্ঞা,সাধনা আৰু প্ৰাপ্তিক মূলমন্ত্ৰ হিচাপে লৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে গ্ৰন্থ আন্দোলনৰ কুজকাৱাজ চলিছে ইতিহাসপ্ৰসিদ্ধ কলিয়াবৰত ৷ উল্লেখ যোগ্য যে,কলিয়াবৰ অন্যতম সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান 'প্ৰজন্ম কলিয়াবৰ' উদ্যোগত তথা কলিয়াবৰবাসীৰ সহযোগত কলিয়াবৰত পোন প্ৰথমবাৰৰ অনুষ্ঠিত হ'ব গ্ৰন্থমেলাৰ।
কলিয়াবৰৰ কুঁৱৰীটোলস্থিত গান্ধী খেলপথাৰত অহা ১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'বলগীয়া গ্ৰন্থমেলাৰ মঙলবাৰে মাঙ্গলিক ৰীতিৰে লাইখুঁটা স্থাপন কৰে। কলিয়াবৰ গ্ৰন্থমেলাৰ আয়োজক সমিতিৰ সভাপতি নবীন বৰঠাকুৰ, সম্পাদক মণি মাধৱ মহন্তই শুভাৰম্ভ কৰা অনুষ্ঠানত কলিয়াবৰ শাখা সাহিত্য সভা, কলিয়াবৰ লেখিকা সমাৰোহ সমিতিৰ লগতে কলিয়াবৰৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ।
১১ ফেব্ৰুৱাৰীত পুৱা পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভৰ পিছতেই বিয়লি গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন হ'ব। ছয় দিনীয়াকে অনুষ্ঠিত হ'বলগীয়া গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি গ্ৰন্থপ্ৰেমীসকলে গ্ৰন্থ ক্ৰয়ৰ লগতে সভাস্থলীত বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব।
গ্ৰন্থমেলাত ছাত্ৰ-ছাত্ৰীৰ মাজত নিতৌ চিত্ৰাংকন, কুইজ, আবৃত্তি, তৰ্ক আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ উপৰিও প্ৰতিদিনে অসমৰ বিশিষ্ট তথা সমল ব্যক্তিসকলৰ তত্বাৱধানত মাতৃভাষা, সাহিত্য, আধ্যাত্মিক, উদ্যমী আৰু শিশু সন্মিলনৰ আয়োজন কৰিছে। প্ৰতি সন্ধ্যা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।
এই উপলক্ষে কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ত মঙলবাৰে অনুষ্ঠিত সংবাদ মেলত কলিয়াবৰত পোন প্ৰথমবাৰৰ বাবে কলিয়াবৰৰ অন্যতম অনুষ্ঠান প্ৰজন্মৰ উদ্যোগত হ'বলগীয়া গ্ৰন্থমেলাত সকলোৰে সহায়-সহযোগিতা উদযাপন সমিতিৰ সভাপতি নবীন বৰঠাকুৰ আৰু সম্পাদক মণি মাধৱ মহন্তই কামনা কৰিছে।