/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/15ebf95b-a7cd-4ce9-a34f-012aaaa3221f/12.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰ চহৰৰ এখন ভিতৰুৱা দেউৰী গাঁৱত এইবাৰ অনুষ্ঠিত হয় এখন গ্ৰন্থ মেলা। দেউৰী গাঁৱৰ সপোনটি কলিতা নামৰ এজন যুৱকজনৰ নেতৃত্বত এই গ্ৰন্থমেলাখন অনুষ্ঠিত কৰা হৈছে। শ্ৰমিক দিৱসৰ দিনা অৱসৰপ্ৰাপ্ত শিক্ষক উপেন গগৈয়ে শুভাৰম্ভ কৰা গ্ৰন্থমেলাখন ৫মে'লৈকে পাঁচদিনীয়াকৈ অনুষ্ঠিত হব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/5f374b5d-9cbe-4989-b167-4d7aa2bd97de/e2a442d9_f531_4bda_89b5_bc62880cb659.jpg)
আঁক বাক প্ৰকাশনে অনুষ্ঠিত কৰিছে এই গ্ৰন্থমেলাখন। শিশুৰ পৰা বৃদ্ধি লৈকে পঢ়িব পৰা সকলো কিতাপ উপলব্ধ এই গ্ৰন্থমেলাখনত। নতুন চিন্তা, নতুন কাম, নতুন ধৰণকে মূল লক্ষ্য হিচাপে লৈ অনুষ্ঠিত কৰিছে এই মেলা খন। উল্লেখ্য যে যুৱকজনৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টাক এতিয়া সমগ্ৰ অঞ্চলবাসীয়ে একে প্ৰশংসা কৰিছে।
Also Read: হাওৰাঘাটৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন অধ্যক্ষক ছাত্ৰ সন্থাৰ সম্বৰ্ধনা...