নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ৰক্তদান, স্বাস্থ্য পৰীক্ষা সম্পন্ন

নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সহযোগত আজি এক ৰক্তদান শিৱিৰ আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ সম্পন্ন হয় ৷

author-image
Asomiya Pratidin
New Update
নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ৰক্তদান, স্বাস্থ্য পৰীক্ষা সম্পন্ন

ডিজিটেল সংবাদ,বেবেজীয়াঃ সমগ্ৰ দেশৰ লগতে আজি নগাৱঁতো বিশ্ব স্বাস্থ্য দিৱসটি উদযাপন কৰা হয় ৷ তদুপলক্ষে নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু নগাঁও জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সহযোগত নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ৰ চৌহদত এটি ৰক্তদান শিৱিৰ আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ সম্পন্ন হয় ৷

Advertisment

শিৱিৰটি আনুষ্ঠানিকভাৱে মুকলি কৰে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ বিশ্বজিৎ চক্ৰৱৰ্তীয়ে ৷ উক্ত শিৱিৰত নগাঁও আদালতৰ ন্যায়িক বিষয়সকল, জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব মুনমী নেওঁগ,নগাঁও উকিল সন্থাৰ অধিবক্তা আৰু কৰ্মচাৰীসকলে ৰক্তদান কৰাৰ উপৰিও প্ৰায় শতাধিক ব্যক্তিয়ে বিনামূলীয়া স্বাস্থ্য সেৱাৰ লাভ কৰিবলৈ সক্ষম হয় ৷

শিৱিৰত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বিনামূলীয়াকৈ দৰৱ আদিৰো যোগান ধৰা হয় ৷

স্বাস্থ্য ৰক্তদান শিবিৰ