/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-20/5z3fv80m/a95f050f-429c-4157-a8c1-5fecef0ff988.jpg)
ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু দেশজুৰি উদযাপিত ৰক্তদান অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। এইক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু ৰেড ৰিবন ক্লাৱে উদ্যোগ গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-20/96zkwmft/2f5e303c-952f-4e95-a2f5-ab00e9866bce.jpg)
তাৰোপৰি ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সহযোগিতাত ৰক্তদান শিবিৰটি আয়োজন কৰা হয় বুলি জানিবলৈ দিয়ে। এই শিবিৰত ছাত্ৰ-ছাত্ৰীসকলক ৰক্তদান কৰিবলৈ উৎসাহ আৰু ৰক্তদানৰ ধনাত্মক দিশসমূহ অৱগত কৰে।
উল্লেখ্য যে ব্লাড বেংকৰ পৰামৰ্শদাতা ৰিকু দত্ত আৰু ব্লাড বেংকৰ ভাৰপ্ৰাপ্ত বিষয়া বিনি বৰাৰ নেতৃত্বত এই শিবিৰটো পৰিচালনা কৰা হয়। উক্ত ৰক্তদান শিবিৰত অধ্যক্ষ ড° মৃগাংক শইকীয়াৰ লগতে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপকৰ লগতে ৰেড ৰিবন ক্লাবৰ তত্বাৱধায়ক ভূপেশ টুমুং আৰু মহাবিদ্যালয়ৰ কৰ্মচাৰী বৃন্দৰ লগতে অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৰক্তদান কৰে।
উক্ত শিবিৰটোৰ বাবে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ উপস্থিত বিষয়ববীয়াসকলে সকলোৰে শলাগ লৈ শিবিৰটো সামৰণি মাৰে।
Also Read: বিশিষ্ট শিল্পী দিগেন মহন্তৰ বিয়োগত প্ৰাক্তন আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰৰ শোক