কামপুৰৰ কাকতিগাঁৱত আমছুৰ ক'লা দিৱস পালন

নগাঁও জিলা আমছুৱেও কাকতিগাঁও আঞ্চলিক আমছুৰ সহযোগত আহমদীয়া হাফিজীয়া ইছলামীয়া মাদ্ৰাছা প্ৰাঙ্গনত আজি নেলী গণহত্যাৰ ৪২ বছৰ উপলক্ষে ক'লা বেজ পৰিধান কৰি ক'লা দিৱস পালন কৰে।

author-image
Asomiya Pratidin
New Update
কামপুৰৰ কাকতিগাঁৱত আমচুৰ ক'লা দিৱস পালন

ডিজিটেল সংবাদ, কামপুৰঃ প্ৰতিবছৰৰ এইবাৰো বিভিন্ন জিলা সমিতিৰ লগতে নগাঁও জিলা আমছুৱেও কাকতিগাঁও আঞ্চলিক আমছুৰ সহযোগত কাকতিগাঁও আহমদীয়া হাফিজীয়া ইছলামীয়া মাদ্ৰাছা প্ৰাঙ্গনত আজি নেলী গণহত্যাৰ ৪২ বছৰ উপলক্ষে ক'লা বেজ পৰিধান কৰি ক'লা দিৱস উদযাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তাৰোপৰি এক প্ৰাৰ্থনা সভাৰো আয়োজন কৰে। 

উল্লেখ্য যে নেলী গণহত্যাৰ ৪২ বছৰ উকলি গ'ল। আজিলৈকে ভোক্তভোগীয়ে ন্যায় নাপালে। ভোক্তভোগীয়ে ন্যায় পোৱাৰ বাবে আমছুৱে প্ৰতি বছৰৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে বিভিন্ন জিলা সমিতিয়ে ক'লা বেজ পৰিধান কৰি ক'লা দিৱস পালন কৰি প্ৰতিবাদ কৰি আহিছে আৰু নেলী গণহত্যাত নিহত হোৱা ব্যক্তিসকলৰ আত্মাৰ সদগতিৰ বাবে দোৱা প্ৰাৰ্থনা কৰি আহিছে।

আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে নগাওঁ জিলা আমছুৰ সাধাৰণ সম্পাদক ছাদ্দাম হুছেইন,কাকতি গাওঁ আহমদীয়া হাফিজীয়া ইছলামীয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক মৌলানা নুৰ ৰহমান চাহাব,কাকতি গাওঁ আঞ্চলিক আমছুৰ সভাপতি ছেকচান হুছেইন, সম্পাদক ইউচুপ আলী,ডাবলং আটি BD আঞ্চলিক সভাপতি আক্ৰাম আলী লগতে আমছুৰ বহু কৰ্মকৰ্তা সকল উপস্থিত আছিল।

আমছু