/asomiyapratidin/media/media_files/2025/03/15/odVwp6t54Ybu8BtmdDBk.jpg)
ডিজিটেল ডেস্কঃ যিসময়ত নগাওঁ জিলাৰ ৰহা সমষ্টিৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ চৰকাৰী আঁচনিত কোনো ধৰণৰ ধনৰ বিনিময় নকৰিবৰ বাপে পঞ্চায়তে পঞ্চায়তে মাইক যোগে ঘোষণা কৰি সজাগতাৰ সৃষ্টি কৰা হৈছে তেনে সময়তে উন্নয়নখণ্ডটোৰ মাধৱপাৰা গাওঁ পঞ্চায়তৰ বিজেপি দলৰ তিনি পালিনেতাই চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযানত নামি পৰাৰ অভিযোগ উত্থাপন হৈছে।
উত্থাপিত অভিযোগ অনুসৰি মাধৱপাৰা গাওঁ পঞ্চায়তৰ অধীনৰ তিনি বিজেপি নেতাই অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ নামত সংগ্ৰহ কৰিছে। স্থানীয় দুই বিজেপি নেতা মোহন বৰা ওৰফে ধন, দীপক বৰা আৰু আবু নচৰে অৰুণোদয় আঁচনিৰ নামত হিতাধিকাৰীৰ পৰা ১০০০ কৈ টকা সংগ্ৰহ কৰিছে। অথচ এই আঁচনিৰ অধীনত এগৰাকী মহিলা বা হিতাধিকাৰীয়ে লাভ কৰে মাত্ৰ ১২৫০ টকা।
আনহাতে নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পঞ্চায়তটোৰ যিসকল লোকে গৃহ আৱণ্টন লাভ কৰিছে তেওঁলোকৰ প্ৰতিজনৰ পৰা ১০,০০০ হাজাৰকৈ টকা দাবী কৰাৰ অভিযোগ উঠিছে। দাবী কৰা ধন অনাদায়ে হিতাধিকাৰীৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰি চৰকাৰী আৱাস গৃহৰ সুবিধাৰ পৰা বঞ্চিত কৰাৰ ভাবুকি দিছে।
এনে ভাবুকিৰ পৰিপ্ৰেক্ষিততে হিতাধিকাৰীয়ে তিনি বিজেপি পালি নেতাক ধন দিবলৈ বাধ্য হৈছে বুলি অভিযোগ উঠিছে। এই সন্দৰ্ভত পমিলা জাৰণি গাঁৱৰ আম্বিয়া খাতুন, জমিলা খাতুনস হুছেইন আলী আৰু আক্কাচ আলীয়ে তেওঁলোকৰ পৰা তিনি পালি নেতাই ১০,০০০ কৈ টকা অবৈধভাৱে লোৱাৰ অভিযোগ কৰি তেওঁলোকক ন্যায় প্ৰাদানৰ দাবী উত্থাপন কৰিছে।
তাৰোপৰি এই হিতাধিকাৰীসকলৰ পৰা সংগ্ৰহ কৰা ধন ঘূৰাই দিবলৈ আৰু অসাধু চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰো দাবী উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে। হিতাধিকাৰীসকলৰ পৰা এইদৰে অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ বিষয়ে ইতিমধ্যে লিখিত ভাৱে খণ্ড উন্নয়ন বিষয়াক অৱগত কৰিবলৈয়ো সাজু হৈছে ভুক্তভোগী হিতাধিকাৰীসকল।
পঞ্চায়তটোত সংঘটিত হোৱা এনে অনিয়মৰ বিৰুদ্ধে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা বুলি দাবী কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়। বিজেপি পালি নেতা হোৱাৰ বাবেই এই তিনি অভিযুক্তই অপৰাধ কৰিও ৰক্ষা পাব নেকি বুলিও প্ৰশ্ন উঠিছে। সেয়ে এতিয়া গোটেই বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিছে সচেতন ৰাইজে।